টাইম কেপচুল কি?ইয়াক কিয় স্থাপন কৰা হয়?

অহা ৫ আগষ্টত ৰাম মন্দিৰত টাইম কেপচুল স্থাপন কৰা হ’ব।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাইম কেপচুল স্থাপন কৰিব। প্ৰকৃততে এই টাইম কেপচুল কি?ইয়াক কিয় স্থাপন কৰা হয়?
 
 
টাইম কেপচুল হ’ল এটা কন্টেইনাৰ দৰে এক সামগ্ৰী ।এই সামগ্ৰী তাম আৰু লোহাৰ সমষ্টি । মাটিৰ তলত হাজাৰ হাজাৰ বছৰলৈ পুতি থলেও এই কেপচুলত কোনো ক্ষয় ক্ষতি নহয়।এই কেপচুলৰ গুৰুত্ব এয়ে যে বছৰ বছৰ ধৰি প্ৰতিকূল বতৰতো ক্ষতি নহয়। সেয়েহে ভৱিষ্যত প্ৰজন্মৰ বাবে জীৱন্ত দস্তাবেজ বুলিব পাৰি। টাইম কেপচুলে এখন দেশৰ সম্পদ বিধৰ ঐতিহ্যৰ সম্পৰ্কে আভাস দিয়ে।
 
 
টাইম কেপচুলৰ দৈৰ্ঘ্য তিনি ফুট। ৫ আগষ্টত অযোধ্যাৰ ৰাম মন্দিৰত ভূমি পূজন হ’ব , টাইম কেপচুল স্থাপন কৰি, ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব । ৰাম মন্দিৰ ন্যাসৰ ৰামেশ্বৰ চৌপালে জনোৱা মতে ২০০০ ফুট তলত ৰাম মন্দিৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে টাইম কেপচুল স্থাপন কৰিব।
 
 
ইতিমধ্যে ভূমি পূজনৰ যো জা চলিছে ।সেউজীয়া ৰঙৰ কাপোৰত নটা মুকুটাৰে সজ্জিত পোছাক প্ৰস্তুত হৈছে । প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ১৯৭৩ চনৰ ১৫ আগষ্টত ইন্দিৰা গান্ধীয়ে লালকিল্লাত টাইম কেপচুল স্থাপন কৰিছিল। ইয়াৰ উপৰিও কানপুৰ আই আই টিত টাইম কেপচুল স্থাপন কৰা আছে।

Comments (0)
Add Comment