ডিব্ৰুগড় শ্বহীদ ন্যাসত এম্বুলেঞ্চ সেৱাৰ মুকলি

চান্দা সংস্কৃতি বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈ অহা আছুয়ে বিভিন্ন সময়ত বিভিন্ন যোগাত্মক কামৰ জৰিয়তে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ আৰু প্ৰশংসা পাত্ৰ হৈ আহিছে।এইবাৰ দুখীয়া শ্ৰেণীৰ জনসাধাৰণ আৰু বিভিন্ন সময়ত দুৰ্ঘটনা গ্ৰস্ত ছাত্র ছাত্ৰী সুবিধাৰ বাবে ডিব্ৰুগড়ত মুকলি কৰিছে এক এম্বুলেঞ্চ সেৱা।ডিব্ৰুগড় জিলা ছাত্র সন্থাই বেংকৰ জৰিয়তে ঋণ লৈ ৰাইজৰ বাবে মুকলি কৰা এই এম্বুলেঞ্চ সেৱাৰ মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।ডিব্ৰুগড় শ্বহীদ ন্যাসত এম্বুলেঞ্চ সেৱাৰ মুকলি অনুষ্ঠানত গায়ন-বায়নৰ জৰিয়তে মাংগলিক কাৰ্যসূচী জৰিয়তে এম্বুলেঞ্চ খন চলাই মুকলি কৰে আছুৰ সাধাৰণ সম্পাদক জনে।
অনুষ্ঠানত অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন সৃষ্টি ধৰ দত্ত, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক গন্ধেশ্বৰ শইকীয়া, বৃহত্তৰ প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা সহ আছুৰ বিষয়ববীয়া সকল।উল্লেখযোগ্য যে, ইতিমধ্যে ডিব্ৰুগড় আছুয়ে স্বৰ্গৰথ নামৰ এখন মৃতদেহ কঢ়িওৱা বাহন মুকলি কৰি ডিব্ৰুগড়ৰ লগতে উজনি অসমৰ তিনিচুকীয়া, শদিয়া, ধেমাজি-লক্ষীমপুৰ লৈকে দৰিদ্ৰ লোক সকলৰ সেৱা আগবঢ়াই আহিছে।মংগল বাৰে উদ্বোধন কৰি ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ লগতে সদৌ অসম ছাত্র সন্থাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন বুলি কৈ এম্বুলেঞ্চ খনৰ জৰিয়তে ও ছাত্র ছাত্ৰী লগতে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ যথেষ্ট উপকৃত হ’ব বুলি আশা কৰে শংকৰজ্যোতি বৰুৱাই।

Comments (0)
Add Comment