ঢকুৱাখনাত ক`ভিড যোদ্ধাক সম্বৰ্ধনা

দেশজুৰি বিভীষিকাৰ সৃষ্টি কৰা মাৰাত্মক অতিমাৰী ক`ভিড ১৯ ৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ দিবলৈ অব্যাহত ৰখা ক`ভিড ১৯ ভেকচিন প্ৰদান অভিযানে ভাৰতবৰ্ষত বৃহস্পতি বাৰে ১০০কোটিৰ  সীমা অতিক্ৰম কৰিলে। বৃহস্পতি বাৰে সৃষ্টি হোৱা এই  অভিলেখৰ  লগত সংগতি ৰাখি ঢকুৱাখনা মহকুমাত এই ক`ভিড প্ৰতিষেধক প্ৰদান অভিযানত  সন্মুখৰ পৰা সক্ৰিয় ভূমিকা গ্ৰহণ কৰা ঢকুৱাখনাৰ  স্বাস্থ্য কৰ্মী সকলক উষ্ণ সম্বৰ্ধনা জনোৱা হয়।বৃহস্পতি বাৰে ঢকুৱাখনা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ঢকুৱাখনা খণ্ডৰ সহযোগিতাত  মুঠ ৬ টা স্বাস্থ্য কৰ্মীৰ গোটক  ঢকুৱাখনাত এই অভিযান সফল কৰাত প্ৰধান ভূমিকা লোৱাৰ বাবে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।  এই সন্দৰ্ভত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত অনুষ্টুপিয়া সভাত মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া  (মুখ্য কাৰ্যালয়) ডাঃ ললিত শইকীয়া ,মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া তথা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  বিষয়া ডাঃ মনেশ্বৰ সোণোৱাল , খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু আৰু বিভাগীয় অন্যান্য কৰ্মচাৰী সকল উপস্থিত থাকে। ক`ভিডৰ ভয়াবহতাকো উপেক্ষা কৰি , প্ৰতিকূল অৱস্থাকো নেওচি অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰেৰে  প্ৰতিষেধক প্ৰদান অভিযানত অংশ গ্ৰহণ কৰি নিয়োজিত দায়িত্ব সম্পন্ন কৰা নিষ্ঠাবান স্বাস্থ্যকৰ্মী সকলক উৎসাহিত কৰিবলৈ এই মান্যতা প্ৰদান কৰি  তেওঁলোকে আগবঢ়োৱা বৰেণ্য অৱদানৰ শলাগ লয় স্বাস্থ্য বিভাগে। তাৰোপৰি  ইয়াৰ সতে সংগতি ৰাখি স্বাস্থ্য বিভাগৰ উদ্যোগত শিঙিয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থী সকলৰ মাজত কোভিড এপপ্ৰীয়েট বিহেভিয়াৰ” আৰু ক`ভিড প্ৰতিষেধকৰ উপকাৰিতা বিষয়ক এলানি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা বিদ্যালয়খনৰ দুই শিক্ষাৰ্থী ক্ৰমে বিক্ৰম শইকীয়া আৰু শশাংক শইকীয়াক মানপত্ৰৰে সন্মানিত কৰা হয়। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Comments (0)
Add Comment