ঢকুৱাখনাত মিচিং সংগঠনৰ প্ৰতিনিধিত্বমূলক সভা অনুষ্ঠিত

মিচিং জনগোষ্ঠীৰ  সংগ্ৰামী সত্তা স্বৰূপ সদৌ  মিচিং ছাত্ৰ সন্থা,মিচিং সংগ্ৰাম সমিতি আৰু মিচিং মহিলা সমিতিৰ সাংগঠনিক ভেঁটি সুদৃঢ়কৰণ প্রক্রিয়াৰ অংশ হিচাপে এখন  যৌথ প্ৰতিনিধিত্বমূলক সভা বৃহস্পতি বাৰে অনুষ্ঠিত হয় ঢকুৱাখনাত । ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত  খেৰকটা আঞ্চলিকত  কেন্দ্ৰীয় সমিতি আৰু জিলা  সমিতিৰ নেতৃবৰ্গৰ  উপস্থিতিত অনুষ্ঠিত বিশেষ প্ৰতিনিধিত্বমূলক সভাত জাতীয় সংগঠন তিনিটাৰ বুনিয়াদ মজবুত কৰি  স্বজাতিৰ  সৰ্বাংগীন বিকাশৰ বাবে  আত্মনিয়োগ কৰাৰ আহ্বান জনোৱা হয়। স্থানীয় ছাত্ৰ নেতা লিজু দলেৰ সভাপতিত্বত খেৰকটা ৰংগমঞ্চত অনুষ্ঠিত প্ৰতিনিধি সভাত  উদ্দেশ্য বাব্খ্যা কৰে জিলা সমিতিৰ উপ সভাপতি পূৰ্ণ কান্ত দলেয়ে। 
সদৌ মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মিগাং ৰাজীৱ দলে ,মিচিং মহিলা সমিতিৰ সদস্য ৰেনু দলে ,জিলা সমিতিৰ  সভাপতি নিৰু লাগাছু , মিচিং সংগ্ৰাম সমিতিৰ জিলা সভাপতি দ্বীপেন দলে , জিলা সমিতিৰ সম্পাদক মোহন পেগু , ছাত্ৰ সন্থাৰ জিলা  ভাৰপ্ৰাপ্ত সম্পাদক নৱ কুমাৰ লয়িং,  নাথুৰাম পেগু আদি উপস্থিত থকা প্ৰতিনিধি সভাত  মোহন পেগু , ৰাজীৱ দলে , নাথুৰাম পেগু আদিয়ে বক্তৱ্য ৰাখে ।  নেতৃবৰ্গৰ উপস্থিতিত  সৰ্বসন্মতভাবে  জাতীয় সংগঠন তিনিটাৰ তিনিখন আঞ্চলিক সমিতি গঠন কৰা হয়।   সভাত ৰাজকুমাৰ দলেক সভাপতি , ৰাকেশ পেগুক সম্পাদক  হিচাপে লৈ ৩৩ জনীয়া  মিচিং ছাত্ৰ সন্থা , কল্পনা পেগুক সভাপতি  , ববিতা টায়েক সম্পাদক হিচাপেলৈ ৩৫ জনীয়া মিচিং মহিলা সমিতি আৰু শিশু কান্ত দলেক সভাপতি ,স্বৰণেস্বৰ দলেক সম্পাদক  হিচাপেলৈ মিচিং সংগ্ৰাম সমিতিৰ ৩২ জনীয়া খেৰকটা আঞ্চলিক সমিতি কেইখন গঠন কৰা হয়। নৱগঠিত আঞ্চলিক সমিতি কেইখনে অনাগত সময়ত  স্বজাতিৰ শৈক্ষিক,সামাজিক, সাংস্কৃতিক উন্নয়ন বিকাশৰ  লগতে  এখন প্ৰগতিশীল সমাজ গঢ়াৰ স্বাৰ্থত আত্মনিয়োগ কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Comments (0)
Add Comment