ঢকুৱাখনাত লখিমপুৰ আৰক্ষী অধীক্ষকৰ গাঁওৰক্ষী-গাঁওবুঢ়া সকলক লৈ  ক`ভিডৰ সজাগতামূলক  সভা অনুষ্ঠিত

ক`ৰণা অতিমাৰী সাম্প্ৰতিক সময়ৰ সমাজ সভ্যতাৰ বাবে এক  ভয়ানক আৰু মাৰাত্মক ভাবুকি । মানৱ সমাজৰ প্ৰগতি  আৰু উন্নয়ন স্তব্ধ কৰি জনজীৱনলৈ প্ৰচণ্ড ভাবুকি নমাই অনা এই মাৰাত্মক অতিমাৰী প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যাপক  বিনামূলীয়া টিকাকৰণ অভিযান অব্যাহত ৰাখিছ। কিন্তু এনে জটিল সন্ধিক্ষণত পৰিলক্ষিত হৈছে যে লখিমপুৰ জিলাৰ  ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বিভিন্ন গাঁও অঞ্চলৰ ৪ সহস্ৰাধিক নাগৰিকে  চৰকাৰী ভাবে অব্যাহত ৰখা ক`ভিড নিৰ্মূল অভিযানৰ বিনামূলীয়া “ক`ভিড ভেকচিন গ্ৰহণ নকৰি নিজৰ লগতে অন্যান্য নাগৰিকৰ প্ৰতিও প্ৰচণ্ড ভাবুকি মাতি অনাত ব্ৰতী হৈছে। চৰকাৰী ভাবে স্বাস্থ্য বিভাগৰ জৰিয়তে নিৰন্তৰ হাৰত অব্যাহত ৰখা  বিনামূলীয়া ক`ভিড ভেকচিন ইচ্ছাকৃত ভাবে  গ্ৰহণ নকৰি চৰকাৰী অভিযান সফল নকৰা সকল সমাজৰ শুভ চিন্তক নহয়।ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সকলো চৰকাৰী গাঁও প্ৰধান ( গাঁওবুঢ়া) , সকলো গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদকৰ উপস্থিতিত দেওবাৰে  আয়োজিত এক  ক`ভিড ১৯ সজাগতা সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডঃ বেদান্ত মাধৱ ৰাজখোৱাই।  ঢকুৱাখনা গাঁওৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ কমল বৰাৰ সভাপতিত্বত ঢকুৱাখনা নৰ্মাল স্কুল প্ৰাংগণত  অনুষ্ঠিত সভাত বক্তব্য ৰাখি আৰক্ষী অধীক্ষক ডঃ ৰাজখোৱাই
গাঁওৰক্ষী বাহিনীৰ কৰ্মকর্তা  সকল সমাজ  আৰু আৰক্ষী বিভাগৰ  সোঁহাত তথা চকু কান স্বৰূপ বুলি কয় । ভাষণ প্ৰসংগত ৰাজখোৱাই সংশ্লিষ্ট গাঁও এলেকা সমূহৰ প্ৰধান প্ৰহৰী স্বৰূপ গাঁওৰক্ষী বাহিনীৰ কৰ্মকর্তা  সকলে ক`ৰণা সৃষ্ট জটিল সময় চোৱাত বৰেণ্য সেৱা আগবঢ়ালে বুলি উল্লেখ কৰি  শেহতীয়া ভাবে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনী সমূহৰ আৰু এক সামাজিক দায়িত্ব আহি পৰিছে বুলি কয়।  জিলাখনৰ ভিতৰত ঢকুৱাখনা সদৰ থানা এলেকাত ক`ভিড  ভেকছিন প্ৰদান  অভিযান সন্তোষজনক নহয় বুলি মন্তব্য কৰি প্ৰায় ৪ সহস্ৰাধিক  নাগৰিকে এই চৰকাৰী ভেকচিন গ্ৰহন নকৰাকৈ আছে। পৰিণতিত জিলাখন  ৰাজ্যখনৰ ১০০ শতাংশ  ভেকছিন গ্ৰহণৰ তালিকাত অন্তৰ্ভুক্ত হ`ব পৰা নাই ।  এতিয়া এসপ্তাহৰ ভিতৰত  এই ভেকচিন  গ্ৰহণ ১০০ শতাংশ কৰিবই লাগিব বুলি কৈ  এই ক্ষেত্ৰত গাঁওৰক্ষী বাহিনী সমূহে মুখ্য ভূমিকা লোৱাৰ  নিৰ্দেশ দিয়ে । স্বাস্থ্য বিভাগৰ নেতৃত্বত , সংশ্লিষ্ট গাঁও প্ৰধান সকলৰ  সহযোগিতাত  সোমবাৰেৰ পৰা   গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে  সোমাই স্বাস্হ্য বিভাগে চিনাক্ত কৰা ভেকচিন গ্ৰহন নকৰা ব্যক্তি সকলক  আনি ভেকচিন প্ৰদান কৰা অভিযানত ব্ৰতী হব  লাগিব বুলিও নিৰ্দেশ দিয়ে ৰাজখোৱাই ।  আৰক্ষী অধীক্ষক গৰাকীয়ে  এই কোভিড নিৰ্মূল আঁচনিৰ  সন্দৰ্ভত  উৰাবাতৰি আৰু অপপ্ৰচাৰ  চলোৱা অপশক্তি বোৰক বিচাৰি উলিয়াই  দিবলৈ বাহিনীৰ নেতৃবৰ্গক নিৰ্দেশনা দি  এনে অশুভ চক্ৰৰ ওপৰত কঠোৰ আইনগত শাস্তি বিহা হব বুলি  সকীয়াই দিয়ে।  এই অভিযানৰ  সফলতাৰ ওপৰতে ঢকুৱাখনাৰ  সন্মান আৰু গাঁওৰক্ষী  বাহিনী সমূহৰ  সক্ৰিয়তা প্ৰকাশ পাব বুলি কৈ নিজৰ ,পৰিয়ালৰ লগতে সমাজক এই মাৰাত্মক ৰোগৰ সংক্ৰমণৰ  পৰা বচোৱাৰ বাবে ভেকচিন গ্ৰহনেই  এই ৰোগৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় বুলি মন্তব্য কৰে।   ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা , ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু , সদৰ থানাৰ প্ৰভাৰী মণ্টু ৰাম বৰা  , জ্যেষ্ঠ উপ পৰিদর্শক দীনেশ  মেধি   আদি উপস্থিত থকা  জনাকীৰ্ণ সভাত এই ভেকচিন গ্ৰহণ নকৰা ব্যক্তিয়ে  চৰকাৰী সুবিধা নাপাব আৰু বিভিন্ন  চৰকাৰী সুবিধা  কৰ্তন কৰাৰো সম্ভাৱনীয়তা প্ৰকাশ কৰি স্বাস্হ্য বিভাগ ,গাঁও প্ৰধান সকল একত্ৰিত হৈ সন্মিলিত ভাবে  এই ভেকচিন গ্ৰহণ আঁচনি সফল কৰিব লাগিব বুলি কৈ এয়া এক সামাজিক দায়িত্ব কৰ্তব্য বুলি ব্যক্ত কৰে। সভাত খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহুৱে ৪ হাজাৰ ৩০০ নাগৰিকে অদ্যপি এই ভেকচিন  গ্ৰহণ নকৰা বুলি জৰীপত উপলব্ধ তথ্য সদৰী কৰি এই ক্ষেত্ৰত স্বাস্থ্য কৰ্মী সকল সন্মুখীন হৈ অহা  অনাহুত অবাঞ্চিত পৰিস্থিতিৰ সন্দৰ্ভত অৱগত কৰি সন্মিলিত ভাবে এই ৪ হাজাৰ ৩০০  ব্যক্তিক টিকাকৰণ কৰি  সাফল্যৰ লক্ষ্যত উপনীত হোৱাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।  সভাত  মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা ,সদৰ থানাৰ প্ৰভাৰী নৱ কান্ত বৰায়ো বক্তব্য ৰাখি ক`ভিড নিৰ্মূল আঁচনিত সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment