ঢকুৱাখনাৰ বান ক্ষতিগ্ৰস্ত কৃষকৰ বাবে ১৮ হেক্টৰ ভূমিত কঠিয়া সিঁচা আৰম্ভ

লখিমপুৰ জিলাৰ  ঢকুৱাখনা মহকুমা  কৃষি বিভাগৰ অন্তৰ্গত ঢকুৱাখনা কৃষি  চক্ৰৰ মুঠ ১৮ হেক্টৰ কৃষি ভূমিত বানবিধ্বস্ত কৃষকৰ বাবে প্ৰস্তুত কৰা হৈছে উন্নত প্ৰজাতিৰ শালি ধানৰ কঠিয়া। কৃষি চক্ৰটোৰ কৃষি উন্নয়ন বিষয়া মন্দিৰা বৰবৰাৰ উদ্যোগত কৃষি সম্প্ৰসাৰণ বিষয়া সুশীল বৰুৱাৰ সহযোগত  ঘাৰমৰা অঞ্চলৰ ২ হেক্টৰ সামূহিক কঠিয়া তলীত দেওবাৰে  কঠিয়াৰ বীজ সিঁচি এই আঁচনিৰ শুভাৰম্ভ কৰে কৃষি চক্ৰ বিষয়া বৰবৰাই। কৃষি চক্ৰটোৰ কৃষক সকলৰ বানত বিধ্বস্ত হোৱা কঠিয়াৰ জোৰা মাৰিবলৈ  এই সামূহিক কঠিয়াতলীৰ ব্যৱস্থা কৰা বুলি কৃষি বিষয়া বৰবৰাই জানিবলৈ দি কয় যে এই সামূহিক কঠীয়াতলীত কৃষি বিভাগৰ উন্নত জাতৰ বাহাদুৰ চাব-১ প্ৰজাতিৰ ধানৰ কঠিয়া প্ৰস্তুত কৰা হ`ব।  এই প্ৰজাতিৰ ধানৰ কঠিয়া প্ৰায় এপষেক কাল বানত ডুব গৈ থাকিলেও জীয়াই থাকিব পাৰে আৰু প্ৰচুৰ উৎপাদন দিবলৈ সক্ষম হয়। প্ৰাৰম্ভিক ভাবে দেওবাৰে চক্ৰটোৰ ঘাৰমৰা অঞ্চলৰ মুঠ ২ হেক্টৰ কৃষিভূমিত এই ধানৰ বীজ সিঁচি সমগ্ৰ কৃষক উপকৃতকৰণ প্ৰক্ৰিয়াটোৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। কৃষি উন্নয়ন বিষয়া বৰবৰাই অনাগত সময়ত চক্ৰটোৰ অন্য ৫ উপযোগী  স্থানৰ কঠিয়াতলীত এই উন্নত জাতৰ কঠিয়াৰ বীজ সিঁচা হব বুলি জানিবলৈ দিছে। অন্যহাতে দেওবাৰে ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ অন্তৰ্গত ঘিলামৰা কৃষি চক্ৰ আৰু সোনাৰী চাপৰি কৃষি চক্ৰৰ এলেকাটো এই সামূহিক কঠিয়া তলী প্ৰস্তুত কৰা প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হয়।  কৃষি বিভাগৰ জৰিয়তে বান বিধ্বস্ত কৃষিজীৱী ৰাইজৰ সহায়ক হোৱাকৈ গ্ৰহণ কৰা এই  সময়োপযোগী পদক্ষেপৰ জৰিয়তে নিশ্চিত ভাবে বান বিপৰ্যস্ত কৃষক সমাজ উপকৃত হোৱাটো নিশ্চিত। 
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Comments (0)
Add Comment