তানাজীৰ বাবে চৰ্চিত এজন অসমীয়া যুৱক,কিন্তু কোন এই যুৱক

সৰুৰে পৰা এক্সনধৰ্মী চিনেমা চাই খুব ভাল পাইছিলো।এক্সন চিনেমাই মোৰ কেৰিয়াৰক আগবঢ়াই নিয়াত সহায় কৰিলে।এই মন্তব্য মন্টু দেউৰীৰ।১০ জানুৱাৰীত মুক্তি লাভ কৰা তানাজী চিনেমাৰ সমান্তৰালভাৱে চৰ্চিত হৈছে অসমৰ মন্টু দেউৰীৰ নাম।কিয়নো মন্টু দেউৰীয়ে তানাজী চিনেমাত বহু সময়ত অভিনেতা চেইফ আলী খানৰ চৰিত্ৰৰ বডি ডাবল কৰিছে।অৰ্থাৎ সাধাৰণ ভাষাত ক’বলৈ গ’লে চেইফ আলী খানৰ চৰিত্ৰৰ কিছু অংশত অভিনয় কৰিছে।উল্লেখযোগ্য যে মন্টু দেউৰীয়ে ইতিপূর্বেও বলিউডৰ ৩ খন ছবিত এক্সনৰ কাম কৰিছিল।এন ই ফ’কাচ ডট কমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে মুম্বাইত কেৰিয়াৰ আগবঢ়াই নিয়াৰ ক্ষেত্রত কেনী বসুমতাৰী পথ প্ৰদৰ্শক আছিল।এয়া মাথো আৰম্ভণিহে।মই সপোন নেদেখো।কামহে কৰো।তানাজী চিনেমাত এক্সনৰ কাম কৰি হোৱা অভিজ্ঞতা সম্পৰ্কে মন্টুৱে এনেদৰে কয় খুব ভাল লাগিল।শ্বুটিঙৰ সময়চোৱা যথেষ্ট ৰোমাঞ্চকৰ আছিল।ফাইটিং কৰি দুখো পাইছো।উল্লেখযোগ্য যে সম্প্ৰতি মন্টু দেউৰী লোকেল উৎপাত নামৰ এখন চিনেমাৰ কামত গুৱাহাটীত আছে।আনহাতে তানাজী চিনেমাখন ১৭ শতিকাৰ মাৰাঠী আৰু মোগলৰ কাহিনীক লৈ নিৰ্মিত হৈছিল।লাহে লাহে বলিউডত খোপনি পুতিবলৈ সক্ষম হোৱা মন্টু দেউৰীৰ সফলতাৰ বাবে এন ই ফ’কাচ ডট কমৰ ফালৰপৰা জনালো বহু শুভকামনা।                                               সংগীতা শইকীয়া, সম্পাদক

Comments (0)
Add Comment