তামুলপুৰৰ অংগনৱাড়ী কৰ্মী কৌশল্যা ৰাভালৈ ৰাষ্ট্ৰীয় সন্মান

বাক্সা জিলাৰ তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ১ নং উলুবাৰী গাওঁৰ কলিয়াকুৰ অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মী কৌশল্যা ৰাভালৈ ভাৰত চৰকাৰৰ শিশু আৰু মহিলা বিকাশ মন্ত্ৰণালয়ে আগবঢ়াইছে ৰাষ্ট্ৰীয় সন্মান। অংগনৱাড়ী কৰ্মী কৌশল্যা ৰাভাই নিজৰ একাগ্ৰতা আৰু কৰ্তব্যনিষ্ঠাৰে গাওঁৰ ছমাহৰ পৰা ছবছৰ কণ কণ শিশু যতন লোৱা উপৰি শিশু সকলক প্ৰাক প্ৰাথমিক শিক্ষা দি অহাৰ লগতে প্ৰসূতি আৰু গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য যতন লৈ আহিছে। এইগৰাকী কৰ্মীয়ে ৰাষ্ট্ৰীয় সন্মানেৰে অসম তথা বি টি চিৰ অন্তৰ্গত বাক্সা জিলাৰ তামুলপুৰ মহুকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে যোৱা ৩১ তাৰিখে নতুন দিল্লীত মেনকা গান্ধীয়ে এই বঁটা প্ৰদান কৰে।

Comments (1)
Add Comment
  • দিগন্ত

    তেওঁলৈ অভিনন্দন। যোৰহাটৰ বিনীতা গগৈ লাহনে পালে ৰাষ্ট্ৰীয় সন্মান।