তৃতীয় বৰ্ষৰ প্ৰাক্ ক্ষণত সম্পাদকৰ কলমেৰে

স্বাধীন মনেৰে এটা সপোনক বাস্তৱায়িত কৰা অবিৰত যাত্ৰা ।যাত্ৰাৰ আৰম্ভ হৈছিল ২০১৬ চনৰ ১৫ আগষ্টত ।

সমাজৰ বাবে বিশেষ কিবা এটা কৰাৰ চিন্তাৰ উকমুকনিতেই আৰম্ভ কৰিছিলো অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ প’ৰ্টেল এন ই ফ’কাচ ডট কমক ।

ভাবিলেই আচৰিত লাগে! যি সময়ত অসমৰ সংবাদ মাধ্যমত ডিজিটেল মেডিয়াৰ আজিৰ নিচিনা ঢৌ নাছিল, ডিজিটেল মেডিয়া কি মানুহে বুজি পোৱা নাছিল, সেই সময়ত এন ই ফ’কাচ ডট কমৰ জন্মই সকলোকে সচকিত কৰি তুলিছিল। এনেদৰে এন ই ফ’কাচ ডট কমে আজি ৩টা বছৰ অতিক্ৰম কৰিলে।যি সকল শুভাকাংক্ষী,সাংবাদিক বন্ধুৱে খবৰ যোগান ধৰি, পৰামৰ্শ দি সহযোগ কৰি আহিছে, সেই সকল শুভাকাংক্ষীক আজি এই শুভ ক্ষণত কৃতজ্ঞতা জ্ঞাপন কৰিছো।

জনাবলৈ পাই ভাল লাগিছে যে এন ই ফ’কাচ ডট কমে সদায় ইতিবাচক খবৰহে প্ৰকাশৰ প্ৰয়াস কৰি আহিছে । এন ই ফ’কাচৰ এই বৈশিষ্ট্য যি সকলেই হৃদয়ংগম কৰিছে তেনে প্ৰত্যেকেই সমাজৰ কিছুমান ইতিবাচক দিশ তথা খবৰৰ সন্ধান আমাক দি আহিছে। ইতিবাচক খবৰ প্ৰকাশ কৰাৰ অনুৰোধত শদিয়াৰ পৰা ধুবুৰীলৈ আমালৈ যোগাযোগ কৰে। ই আমাক ন উদ্যমেৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায় ।

প্ৰিয় পাঠক, এন ই ফ’কাচ ডট কমে অচিৰেই নতুন ৰূপত আত্মপ্ৰকাশ কৰিব।সম্প্ৰতি ইয়াৰে প্ৰস্তুতি অব্যাহত আছে ।আপোনালোক মৰম, সহায়, সহযোগিতা, পৰামৰ্শই আমাৰ সম্বল।আশা কৰিছো অনাগত দিনটোও আদৰি লৈ আমাক উৎসাহিত কৰি তুলিব ।

ধন্যবাদেৰে 

সংগীতা শইকীয়া 

সম্পাদক 

Comments (1)
Add Comment
  • Nirmal Jyoti Kapil

    Congratulations!! All the best for your future journey. Touch the sky???