ত্ৰৈলোক্য দত্ত সোঁৱৰণী চিত্ৰশিল্পী বঁটা প্ৰাপকক আদিবাসী ছাত্ৰ সন্থাৰ সম্বৰ্ধনা

২০২২ বৰ্ষৰ ত্ৰৈলোক্য দত্ত সোঁৱৰণী চিত্ৰশিল্পী বঁটা প্ৰাপক নুৰুল ইছলামক ২৩ নৱেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিনন্দন জনায়৷বৰদুৱাৰ ভোলাগাঁৱ আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ মানিক উৰাং, বিশ্বজিত উৰাং, অজয় পাইক, জয়ন্ত তাঁতী, দীপাংকৰ উৰাং তথা ৰত্নেশ্বৰ উৰাঙকে ধৰি নেতৃবৰ্গ কাৰ্টুনিষ্ট ইছলামৰ বাসগৃহ উপস্থিত হৈ কাৰ্টুনিষ্ট ইছলামৰ লগতে তেওঁৰ পত্নী ৰেহেনা বেগমক সম্বৰ্ধনা জনায়৷ উল্লেখ্য যে – অসমৰ কাৰ্টুন জগতৰ বাটকটীয়া ত্ৰৈলোক্য দত্তৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াসেৰে পৰিয়ালৰ ফালৰ পৰা উক্ত চিত্ৰশিল্পীগৰাকীক এই বঁটা আগবঢ়ায়৷

Comments (0)
Add Comment