দিনটোৰ বাৰ্তা

আজি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম দিন। এই বিশেষ দিনটোত ৰূপকোঁৱৰ গৰাকীক nefocus.com ৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছো। ৰূপকোঁৱৰৰ জন্ম দিন উপলেক্ষ্যে অসম চৰকাৰৰ ফালৰ পৰা জ্যোতি বিষ্ঞু সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু জি এল পি চ’চিয়েল চাৰ্কোলৰ সহযোগত জ্যোতি চিত্ৰবনত শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান অনুষ্ঠিত হয়। সেই উপলক্ষ্যে শিল্পী সাহিত্য বুদ্ধিজীৱী বিভিন্ন জনে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত শিল্পী অনিমা চৌধুৰীয়ে জ্যোতি প্ৰসাদ আগৰৱালাৰ গীত সমূহ শ্ৰদ্ধাকৈ প্ৰচাৰ কৰাৰ বাবে মত পোষণ কৰে। আনহাতে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ তথা সাংস্কৃতিক কৰ্মী পবিত্ৰ মাৰ্ঘেৰিটাই অনাগত দিনত চিৰযুগমীয়া গানবোৰ প্ৰণালী বদ্ধ ভাবে Archive ত সংৰক্ষণৰ কথা উল্লেখ কৰে।

আনহাতে আন এটা ভাল খবৰ হ’ল যে চিকিৎসা সেৱাত সংযোজিত হ’ল ৭০ তম এপ’ল হস্পিতাল। উল্লেখযোগ্য যে মহানগৰীৰ ইণ্টাৰনেশ্যনেল হস্পিতালক বৰ্ত্তমান ন আন্তগাথনিয়ে এপ’ল হস্পিতাল (Apollo Hospital) হিচাপে নামাকৰণ কৰা হৈছে। সম্প্ৰতি ২২০ খন বিচনাৰে সেৱা আগবঢ়াব। ৰোগীৰ সুৰক্ষা, উন্নত চিকিৎসা প্ৰদান কৰাই এই হস্পিতাল খনৰ মুল উদ্দেশ্য। আজি মহানগৰীৰ তাজ ভিভাণ্টাত অনুষ্ঠিত কৰা এক সংবাদ মেলত পৰিচালন সঞ্চালিকা সংগীতা ৰেড্ডীয়ে এই কথা সদৰী কৰে।

Comments (1)
Add Comment
  • Nur Mahammad Ali

    Thanks for shared this nwes,I think you are great sir.