দিল্লীৰ কৃষক প্ৰতিবাদকাৰীক তিল পিঠা, পাচলি আগবঢ়ালে অসমৰ কৃষকে

ৰাজধানী দিল্লীত চলি থকা কৃষকৰ প্ৰতিবাদত অসমৰ পৰা অংশ ল’লে কৃষকৰ এদল প্ৰতিনিধিয়ে।অসমৰ পৰা যোৱা ১৩ জনীয়া প্ৰতিনিধি দলটোৱে প্ৰতিবাদত অংশগ্ৰহণ কৰে।এই প্ৰতিনিধিৰ দলটোৰ নেতৃত্ব লৈছিল সোণেশ্বৰ নৰহে।দলটোৱে ঢোল,কাহ,ডবা বজাই ৰাভা সংগীত গাই প্ৰতিবাদ সাব্যস্ত কৰে।অসমৰ পৰা যোৱা কৃষকৰ দলটোক আদৰণি জনায় যোগেন্দ্ৰ যাদৱে।অসমৰ পৰা লৈ যোৱা তিল পিঠা, শাক পাচলি প্ৰতিনিধি দলটোৱে প্ৰতিবাদী কৃষকক অৰ্পণ কৰে।

Comments (0)
Add Comment