দুগ্ধ উদ্যোগক প্ৰসাৰ কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে

অসম চৰকাৰে দুগ্ধ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ ভিতৰত গাখীৰৰ সঠিক মূল্য নিৰ্ধাৰণ কৰা,উন্নত মানৰ প্ৰজনন কৰা, দুগ্ধ উদ্যোগ সংশোধন কৰা অন্যতম।অসমত জনমূৰি গড়ে ৮০ পৰা ৮২ গাখীৰ উৎপাদন হয়। কিন্তু দেশৰ প্ৰেক্ষাপটত জনমূৰি গড়ে ৩৯৫ মিলি লিটাৰ গাখীৰ উৎপাদন হয়।এই ক্ষেত্ৰত থলুৱা গাই সমূহক বিভাগে কৃত্ৰিম প্ৰজনন কৰি উন্নত মানৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
 
 
 
 
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসমত অসংগঠিত ভাৱে  ৯৫ শতাংশই আৰু ৫ শতাংশ সংগঠিত ৰূপত দুগ্ধ ব্যৱসায় চলাই আছে । বৰ্তমানলৈকে দুগ্ধ উন্নয়ন বিভাগে ৬৭৩ খন চ’চাইটি সাজু কৰি তুলিছে।
 
 
 
 
অসমত দুগ্ধ উন্নয়ন বিভাগক অধিক সফল কৰি তুলিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন আঁচনি  ঘোষণা কৰিছে।যোৱা ১৫ আগষ্টত ইয়াৰ সবিশেষ ঘোষণা কৰিছে। এই আঁচনি সমূহ সঠিক ভাবে ৰূপায়ন হ’লে নিশ্চয়কে অসমৰ দুগ্ধ উন্নয়ন বিভাগে বিশ্ব বজাৰ দখল কৰিবলৈ সক্ষম হ’ব ।

Comments (0)
Add Comment