দুটা বছৰত গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলত প্ৰায় ৩৪ লাখ লোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰি অভিলেখ গঢ়িলে অমৃত ভোগ ভাণ্ডাৰাই

মহামাৰীৰূপী কভিড- ১৯ ৰ গণ সংক্ৰমণ ৰোধৰ বাবে ভাৰত চৰকাৰে ২০২০ বৰ্ষৰ ২৪ মাৰ্চত ঘোষণা কৰিছিল লকডাউন। ইতিমধ্যে যোৱা ২৪ মাৰ্চত লকডাউনে দুটা বছৰ সম্পূৰ্ণ কৰে। বর্তমান কভিড পৰিস্থিতি বহু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে অহা ৩১ মাৰ্চৰ পৰা দেশজুৰি মুখত পৰিধান কৰা মাস্কৰ বাহিৰে আন সকলো কভিড বিধি উঠাই দিব বুলি ঘোষণা কৰিছে। লক্ষণীয় যে কভিডৰ সময়ত দেশজুৰি খাটি খোৱা, সৰু সুৰা ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকল কি দুৰৱস্থাৰ সন্মুখীন হৈছিল সেয়া সৰ্বজনবিদিত। উল্লেখযোগ্য যে সেই সময়ত বহু স্বেচ্ছাসেৱী অনুষ্ঠান, অনা চৰকাৰী সংগঠন (এন.জি. অ) আৰু শুভাকাংক্ষী লোকে লকডাউনৰ বাবে যাতে কোনো লোক অনাহাৰত ভুগিব লগা নহয় তাৰ বাবে খাদ্য সংকটত ভোগা লোকক বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰিছিল। আনহাতে গুৱাহাটী মহানগৰীকে ধৰি দাঁতি কাষৰীয়া অঞ্চলটো লকডাউন ঘোষণা কৰাৰ পাছত দুৰ্গত লোকক বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰিছিল ৰাজ্যৰ অগ্ৰণী চেৰিটেবুল ট্ৰাষ্ট হিচাপে পৰিচিত অমৃত ভোগ ভাণ্ডাৰাই।আনকি কভিড পৰিস্থিতি উন্নত হোৱাৰ পাছতো বিগত দুটা বছৰত গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলত আজি পৰ্যন্ত প্ৰায় ৩৪ লাখ লোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰি এক বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হৈছে সংগঠনটোৱে। অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগচন্দ জৈনে জানিবলৈ দিয়া মতে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাছত শ্ৰমিক, সাধাৰণ ৰাইজ আৰু খাটি খোৱা লোকসকলৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। বিশেষকৈ কৰ্মসংস্থাপন হেৰুৱাই হাজাৰ হাজাৰ লোক ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন ঘোষণাৰ চাৰিদিন পাছত ২৮ মাৰ্চৰ পৰা কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু চৰকাৰৰ অনুমতি সাপেক্ষে গুৱাহাটীৰ ফটাশিলৰ সমীপৰ হাৰিয়ানা ভৱনত শিবিৰ স্থাপন কৰি অঘৰী, সৰ্বহাৰা, ভিক্ষাৰী, কৰ্ম সংস্থাপন হেৰুৱাই নিবনুৱা হোৱা লোক সকলক খাদ্য বা আহাৰ যোগানৰ কাম আৰম্ভ কৰে। আনকি বিগত ২০২০ আৰু ২০২১ বর্ষত লকডাউন বা দিনতে সান্ধ্য আইন চলি থকা সময়ত দৈনিক প্ৰায় ২০ হাজাৰৰো অধিক লোকক দিনে নিশাই আহাৰ যোগান ধৰিছিল। এই কাৰ্যত সহযোগিতা আগবঢ়াইছিল হাৰিয়ানা চেৰিটেবুল ট্ৰাষ্ট, লায়ন্স ক্লাব অফ গৌহাটী গ্ৰেটাৰকে ধৰি ক্লাৱৰ কেবাটাও শাখা, ষ্টাৰ চিমেন্ট লিমিটেডকে ধৰি বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠান, শংকৰলাল গোবেংকা, উমেশ বেৰীয়া, নিৰ্মল গোলছা, কৈলাশ কাবৰা, ভি.কে গুপ্তাকে ধৰি কেবাজনো শুভাকাংক্ষী লোকে সহযোগিতা আগবঢ়াইছিল। সমান্তৰালভাৱে সহায় সহযোগ কৰিছিল এন.ডি. আৰ.এফ, চি আৰ পি.এফ, বি.এছ.এফ, ভাৰতীয় সেনাই।আনকি লকডাউন শেষ হোৱাৰ পাছতো বৰ্তমানো অমৃত ভোগ ভাণ্ডাৰাই নিয়মীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত দিনে নিশাই প্ৰায় ৮০০ জনক, আৰু বি.বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নিশাৰ ভাগত প্ৰায় ২০০ জন ৰোগীক আহাৰ যোগান ধৰি আহিছে।তেনেদৰে ভূতনাথ, পাণবজাৰ, ফটাশিল, আঠগাঁও, ফাঁচীবজাৰ আদিত প্ৰায় ডেৰ হাজাৰ পদপথত বাস কৰা অঘৰী লোক, ভিক্ষাৰী আদিক দিনৰ উপৰিও নিশাৰ ভাগটো আহাৰ যোগান ধৰি ক্ষুধা নিৰ্মূল কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে। সমান্তৰালভাৱে গুৱাহাটীৰ কাষৰীয়া সোণাপুৰ, কমলপুৰ, ছয়গাঁও, চন্দ্ৰপুৰ আদি অঞ্চলটো কেবা হাজাৰ লোকক আহাৰ যোগান ধৰি আহিছে। ভাগচন্দ জৈনে সদৰি কৰি দৈনিক প্ৰায় ১০ ৰ পৰা ১২ জন ৰান্ধনীয়ে হাৰিয়ানা ভৱনত আহাৰ প্ৰস্তুত কাৰ্যত জড়িত হৈ আছে।

Comments (0)
Add Comment