দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে দুৰ্গাপূজাৰ প্ৰাকক্ষণত গুৱাহাটীত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

দেশৰ আন ৰাজ্যৰ লগতে অসমতো ১১ অক্টোবৰৰ দিনা সন্ধিয়া বেদীত মাংগলিক কাৰ্যৰ মাজেৰে প্ৰতিমা স্থাপন কৰাৰ পাছত শাৰদীয় শ্ৰী শ্ৰীদুৰ্গা পূজাৰ কাৰ্যসূচী আৰম্ভ হৈছে । ইফালে দুৰ্গাপূজা বা উৎসৱৰ আনন্দ উলাহত মতলীয়া হৈ কোনোৱে আইন ভংগ কৰি ৰাজপথত বাহন চলাচল কৰিব নোৱাৰে তাৰবাবে পৰিবহণ বিভাগে এইবেলি সৰ্বাধিক সতৰ্কতা অৱলম্বন কৰিছে । আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো পৰিবহণ বিভাগক উৎসৱ কালীন দুৰ্ঘটনা ৰোধৰ বাবে হাতে কামে নামি পৰিবলৈ আৰু এইক্ষেত্ৰত ৰাজপথত ব্যাপক সজাগতা মূলক কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কামৰূপ মহানগৰ জিলাৰ ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে বিগত কেইদিনত গুৱাহাটী মহানগৰীত পথ সুৰক্ষা বিষয়ত বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে । আনকি ১১ অক্টোবৰৰ দিনা সন্ধিয়াৰ পৰা নিশালৈ গুৱাহাটীৰ সদাব্যস্ত জি এছ ৰোডৰ এ বি চি পইণ্টত এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । মহানগৰ আৰক্ষীৰ যান বাহন শাখা , আৱকাৰী , স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীৰ আৰম্ভণিতে উদ্দেশ্য বাখ্যা কৰে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে । কাৰ্যসূচীত ডি ৱাই ৩৬৫ নিউজ চেনেলৰ মুখ্য সম্পাদক অতনু ভূঞা , জ্যেষ্ঠ সাংবাদিক ছায়ামনি ভূঞা , মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মন , চেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ সাধাৰণ সম্পাদক কৈলাশ শৰ্মা , জনপ্ৰিয় অভিনেতা জয়ন্ত দাস উপস্থিত থাকে । আনহাতে কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষাৰ বাবে ভি ডি অ যোগে জনোৱা আহ্বান প্ৰদৰ্শন কৰা হয় । তেনেদৰে জনপ্ৰিয় শিল্পী দীনেশ দাসে ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত ” আহ আহ ওলাই আহ ” শীৰ্ষক গীতটো পৰিবেশন কৰি উপস্থিত শতাধিক লোকক আপ্লুত কৰে । কাৰ্যসূচীত জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসকে ধৰি কেবাজনো যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক , যান বাহন শাখাৰ কেবাজনো আৰক্ষী , গুৱাহাটীত ৰাজহুৱা পৰিবহণ সেৱাৰ লগত জড়িত বিভিন্ন পৰিবহণ সংস্থাৰ কেবাজনো প্ৰতিনিধি আৰু বহুসংখ্যক ৰাইজ , বাহন চালক – পৰিচালক উপস্থিত থাকে । ইয়াৰ উপৰি কাৰ্যসূচীৰ অন্তত ৰাজপথত চলাচল কৰা বাহন চালক সকলৰ মাজত পথ সুৰক্ষা বিষয়ক প্ৰচাৰ পুস্তিকা বিতৰণ কৰা হয় ।

Comments (0)
Add Comment