দ্বিতীয় বৰ্ষপূৰ্তিত চৰকাৰৰ খতিয়ান- মুখ্যমন্ত্ৰী

গনতন্ত্ৰ হৈছে প্ৰজাতন্ত্ৰ। ৰাইজৰ মনৰ কথা আমি বুটলিব লাগিব। এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অসম চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে প্ৰশাসনিক ষ্টাফ কলেজত আয়োজন কৰা সাংবাদিকৰ মত বিনিময়ৰ সংবাদমেলত এই মন্তব্য কৰে। দুবছৰীয়া কাৰ্য্যকালৰ খতিয়ান দাঙি ধৰি কয় যে চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ বাবে প্ৰচেষ্টা চলাইছে। কাৰণ দুৰ্নীতি হ’ল এনে এটা ব্যাধি, যিটো ব্যাধি থকালৈ কোনেও মৰ্য্যাদা সহকাৰে জীয়াই থাকিব নোৱাৰে। দুবছৰীয়া কাৰ্য্য কালত দুৰ্নীতিত অভিযুক্ত হোৱা ৭৪ জন চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰত -বাংলাদেশ সীমান্ত ছীল কৰাৰ বাবে যো জা চলাই থকা হৈছে।

আশাকৰা হৈছে অহা ডিচেম্বৰ মাহত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনীয়ে এই বিষয়টো চোৱাচিতা কৰি আছে। সেয়েহে পূৰ্বৰ তুলনাত আনুপাতিক হাৰ সীমান্তত হোৱা অবৈধ কাৰ্যকলাপ হ্ৰাস হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত কয় যে অহা ৩০ জুনৰ পিছতহে চৰকাৰৰ স্থিতি জনাব। ইয়াৰ বাবে শংকিত হোৱাৰ কোনো কাৰণ নাই। চৰকাৰে ৰাইজৰ বিপক্ষে কাম নকৰে। এ‌ডভাণ্টেজ অাচামৰ প্ৰসংগ উদ্ধৃতি দি কয় যে এডভাণ্টেজ আচামৰ বাবে প্ৰায় ২৪০ খন বিভিন্ন চুক্তি স্বাক্ষৰিত হ’বলৈ সক্ষম হৈছে।যাৰ ফলস্বৰূপে ৭৯ হাজাৰ কোটি টকা অসমত বিনিয়োগ কৰিবলৈ বিনিয়োগকাৰী ইচ্ছুক হ’ল। ইয়াৰ উপৰিও ৰাজহ সংগ্ৰহ বৃদ্ধিৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

আজিৰ সংবাদ মেলত মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, কৃষিমন্ত্ৰী অতুল বৰা, হাগ্ৰামা মহিলাৰী লগতে তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া সমূহ উপস্থিত থাকে।

Comments (1)
Add Comment
  • Manoj deka

    চৰকাৰ খনৰ দুটা বছৰৰ আটাইতকৈ উল্লখনিয় বিষয় ১/ দুৰ্নীতি ৰোধত যঠেষ্ট সফলতা লাভ কৰিছে ৷২/ প্ৰতি গৰাকী বিধায়কে ৫__৯ কৌটি টকা বছৰি পুজি লাভ কৰি সমষ্টিৰ বিভিন্ন উন্নয়ন মুলক কাম কৰিছে ৷৩/ বিধায়ক সকলে ৫০ লাখ টকা বছৰি চিকিৎসাৰ বাবে পুজি লাভ কৰি দুখীয়া ৰোগীক সহায় কৰিছে ৷৪/ অতল অমৃত ৷৫/বিনামুলীয়াকৈ স্কুল কলেজত নাম ভৰ্তি ৷৭/ টেত শিক্ষক নিযুক্তি দিয়াত যঠেষ্ট সফলতা বুলি কব পাৰি ৷কৰ্মচাৰী দৰমহা বৃদ্ধি ৷ বিফলতা হল ১/ জলন্ত সমস্যা ৷ বানপানী খোৱাপানী বিদেশী সমস্যা সমধান সঠিক ভাবে কৰিব পৰা নাই ৷গাম্য অন্চলত চিকিৎসা সেৱা উপযুক্ত হোৱা নাই ৷আশাকৰো ৩বছৰত য়ঠেষ্ট কাম কৰি জনসাধাৰণৰ সামৰ্থ লাভ কৰিব ৷