নিৰক্ষৰ হৈও কাৰ্বি পাহাৰত জ্ঞানৰ পোহৰ বিলাইছে মেক্ৰিয়ে

যান্ত্ৰিকতাৰ কোলাহলে চৌদিশে চানি ধৰা সময়তে মানৱতাৰ জয়গান ৰচিছে এগৰাকী সমাজকৰ্মীয়ে। তেখেতৰ নাম মেক্ৰী টিচোপি। ঘৰ কাৰ্বি আংলং জিলাৰ ডিফুত। ঘৰুৱা আৰ্থিক অৱস্থাৰ বাবে শিক্ষাৰ প্ৰতি ধাউতি থাকিও পঢ়া-শুনা কৰিব নোৱাৰিলে। কিন্তু তেখেতে নিজৰ ৪ সন্তানক সুশিক্ষাৰে শিক্ষিত কৰি সমাজত প্ৰতিষ্ঠা কৰিলে। ইয়াৰ উপৰিও সমাজৰ শিশু আৰু মহিলা সকলৰ বাবে কৰি গ’ল বহুতো কাম, সেয়েহে তেখেত আজি এগৰাকী সমাজকৰ্মী হিচাপে পৰিচিত। মেক্ৰী টিচোপীয়ে বুজি উঠিছিল যে কেৱল শিক্ষা আৰু কৰ্মৰ দ্বাৰাহে মানুহে সফলতা লাভ কৰিব পাৰে। যি সময়ত কাৰ্বি আংলং জিলাৰ ডিফুত কোনো মহিলাই ব্যৱসায়ৰ বাবে মন মেলা নাছিল।

সেই সময়ত মেক্ৰি টিচোপীয়ে নিজেই শাক-পাচলিৰ ব্যৱসায়ৰ যোগেদি মহিলা সকলক ব্যৱসায়ৰ প্ৰতি আগ্ৰহাম্বিত কৰি তুলিছিল। মেক্ৰি টিচোপীয়ে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে বহু মহিলাই স্বাৱলম্বী হৈ উঠিছে। আটাইতকৈ আমোদজনক কথা হ’ল এয়ে যে টিচোপীয়ে ডিফু অঞ্চলৰ কাৰ্বি মহিলা সকলক বেংকত একাউণ্ট খুলি পইচা জমা কৰিবলৈ শিকালে। ইয়াৰ উপৰিও কাৰ্বি আংলংৰ ভিতৰুৱা অঞ্চলত শিক্ষাৰ পোহৰ নেদেখা গাওঁবাসীৰ ঘৰে ঘৰে গৈ বুজায় বঢ়াই প্ৰতিটো শিশুক বিদ্যালয়লৈ পঠিওৱাৰ ব্যৱস্থা কৰিলে। লগতে তেখেতে নিজৰ সামৰ্থ অনুযায়ী বহি, কিতাপ, কলম যোগান ধৰি উৎসাহ যোগাই আহিছে। কথাতে কয়, গুনীজন সদায় সমাজত সদায়ে সমাদৃত। তেখেতৰ এনে কামত পঞ্চমুখ হৈ বহুতো দল সংগঠনে সম্বৰ্ধনা জনাইছে, লগতে সকলোৰে মাজত এগৰাকী সমাজকৰ্মী হিচাপে পৰিচয় জিনিবলৈ সক্ষম হৈছে। প্ৰিয় পাঠক, এনে ধৰণৰ ইতিবাচক খবৰৰ বাবে লগইন কৰিবলৈ নাপাহৰিব www.nefocus.com

Comments (0)
Add Comment