পদ্মশ্ৰী ড° বীৰুবালা ৰাভাৰ গোৱালপাৰাস্থিত বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰবিলা গাঁওস্থিত বিশিষ্ট সমাজকৰ্মী,অন্ধবিশ্বাস বিৰোধী যুঁজৰ অক্লান্ত সৈনিক পদ্মশ্ৰী ড° বীৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়। সম্প্ৰতি শাৰীৰিক ভাৱে অসুস্থ হৈ থকা সংগ্ৰামী মহিলা গৰাকীৰ সৈতে মুখ্যমন্ত্ৰীয়ে কিছু সময় বাৰ্তালাপ কৰাৰ লগতে তেওঁৰ চিকিৎসাত সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰা ১ লাখ টকাৰ এখন চেক প্ৰদান কৰে।ইয়াৰ পিছতে স্থানীয় সাংবাদিকৰ সৈতে হোৱা বার্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি জটিল ৰোগত আক্ৰান্ত বিশিষ্ট সমাজ কৰ্মী গৰাকী বিগত কিছুদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন হৈ আছিল।তেওঁৰ প্ৰয়োজনীয় চিকিৎসা আগবঢ়োৱা হৈছে আৰু এই মাহতে পুনৰবাৰ তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব।লগতে কয় যে সমগ্ৰ অসমবাসীয়ে আজি এই গৰাকী বিশিষ্ট মহিলাৰ আশু আৰোগ্য কামনাৰে ভগৱান ওচৰত প্ৰাৰ্থনা জনাইছে।কুসংস্কাৰৰ বিৰুদ্ধে যুঁজখন শক্তিশালী ৰূপত অব্যাহত ৰাখিবৰ বাবে তেওঁ অতি সোনকালে আৰোগ্য হৈ উঠিব বুলি আশা প্ৰকাশ কৰে ।
উল্লেখযোগ্য যে সমাজ সংস্কাৰৰ উদ্দেশ্যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সৱলীল কণ্ঠৰ এক আদৰ্শৰ প্ৰতিষ্ঠা কৰা সাহসী মহিলা পদ্মশ্ৰী ড° বীৰুবালা ৰাভাই গাঁৱে ভূঁঞে ডাইনীৰ সন্দেহত হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ জৰিয়তে আমাৰ সমাজ জীৱনক আলোকিত কৰাৰ পথ প্ৰশস্ত কৰিছে।মিছন বীৰুবালাৰ মাধ্যমেৰে সমাজ সংস্কাৰৰ দিশত এক নৱ্য জাগৰণৰ সূচনা কৰা এইগৰাকী সংগ্ৰামী মহিলাই আজিলৈকে ডাইনীৰ অপবাদত নিৰ্যাতন সন্মুখীন হোৱা ডেৰকুৰিৰো অধিক মহিলাৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে।
আজিৰ এই সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰী সৈতে শক্তিমন্ত্ৰী বিমল বৰা,ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা,পূব গোৱালপাৰা বিধায়ক আবুল কালাম ৰছিদ আলম আৰু পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ লগতে জিলা প্ৰশাসন তথা আৰক্ষীৰ শীৰ্ষ বিষয়া সকলো উপস্থিত থাকে।

Comments (0)
Add Comment