পলাশবাৰীৰ মেধিপাৰাৰ অঙ্গনবাদী কৰ্মী জোনালী দাসক জিলা শ্ৰেষ্ঠ অঙ্গনবাদী কৰ্মী বঁটা প্ৰদান

৭৫তম্ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলা প্ৰশাসনে পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩নং মেধিপাৰা অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মী জোনালী দাসক নিজস্ব পাৰদৰ্শিতাৰ বাবে জিলা শ্ৰেষ্ঠ অঙ্গনবাদী কৰ্মী বঁটা প্ৰদান কৰে। জিলাখনৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন্ য়ে ফুলাম গামোচা, প্ৰশস্তি পত্র আৰু ট্ৰফী প্ৰদান কৰে অঙ্গনবাদী কৰ্মীগৰাকীক। ৩ং মেধিপাৰাৰ প্ৰতিভাধৰ যুৱ নেতা-কবি অমিয় কুমাৰ দাসৰ পত্নী জোনালী দাসে এই সন্মান লাভ কৰাৰ বাবে বাটৰহাটৰ বিশিষ্ট কবি-সাহিত্যিক পদ্মৰাম নাথ, বহুবাক (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি ৰক্ষা সমিতি,অসমৰ সম্পাদক যুগল প্ৰভৃতি দল-সংগঠনে অভিনন্দন জনাইছে।।

Comments (0)
Add Comment