পশ্চিম গুৱাহাটী মণ্ডলত ৰাজ্যিক বিজেপিৰ সভাপতি

পশ্চিম গুৱাহাটীৰ মণিকাঞ্চন বিবাহ ভৱনত বিজেপি অসম প্ৰদেশৰ  সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আজি এক দলীয় সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত ৰাজ্যিক সভাপতি শ্ৰী কলিতাই দলৰ কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰাৰ লগতে সমাগত পৌৰ নিগমৰ নিৰ্বাচনৰ ৰণনীতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। সভাত পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ৰাজ্যিক সমিতিয়ে নিযুক্তি দিয়া পশ্চিম গুৱাহাটীৰ ৮ জনকৈ তত্বাৱধায়কৰ লগতে পশ্চিম গুৱাহাটী মণ্ডলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

 

Comments (0)
Add Comment