পাটাছাৰকুছিৰ বৰ্ণালী দাসৰ সফলতা

মহাকাশ গৱেষণাত অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে বজালী জিলাৰ পাটাছাৰকুছিৰ মেধাবী ছাত্ৰী বৰ্ণালী দাসে।পুনেস্থিত tata Institute of fundamental Research ত গৱেষণা কৰি বৰ্ণালীয়ে সূৰ্যতকৈ ডাঙৰ,অতি উষ্ণ আৰু বৃহৎ চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী ৮ টাকৈ তৰাৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে।ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও বৰ্ণালীৰ এই সফলতা প্ৰকাশ কৰাৰ লগতে প্ৰশংসা কৰিছে।বৰ্ণালী দাসৰ এই কৃতিত্ব বাবে সমগ্ৰ বজালী জিলাৰ লগতে অতি আনন্দিত হৈ পৰিছে তেওঁৰ পিতৃ মাতৃ।
পুনেৰ পৰা এক ভিডিঅ’ বাৰ্তা যোগে বৰ্ণালীয়ে নিজৰ গৱেষণাৰ কথা ব্যক্ত কৰে ।উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে লেজাৰ তৰংগ বিকিৰণ কৰিব পৰা এই গৰম তৰা আবিষ্কাৰ হৈছিল ২০০০চনত।তাৰ পাছত বহু গৱেষণা আৰু চেষ্টাৰ পাছত এনে তৰাৰ আবিষ্কাৰ কৰিব পৰা নাছিল।বৰ্ণালী দাসৰ এই গৱেষণাৰ লক্ষ্য আছিল যে কি পৰিৱেশত এই তৰা বিলাকে এনেধৰণৰ ৰেডিঅ’ তৰংগ বিকিৰণ কৰিব পাৰে। মনকৰিবলগীয়া যে ২০১৯ চনৰ পৰা ২০২১ চনৰ লৈকে তেওঁৰ দলে এনেকুৱা মুঠ ১৮ টা তৰা সন্ধান উলিয়াবলৈ সক্ষম হৈছে।

Comments (0)
Add Comment