পৃথিৱীৰ মানচিত্ৰত বিভিন্ন সমল অংকন কৰি ৰেকৰ্ড গঢিলে বিকাশে

দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কাকডোঙাৰ বিকাশ পাঠকে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কাকডোঙাৰ ডুবিয়াল গাঁৱৰ তুলেশ্বৰ পাঠকৰ কনিষ্ঠ সন্তান বিকাশে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা, প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাস আদি জাতীয় চেতনালব্ধ লিখক,শিল্পী, সাহিত্যিকৰ কবিতা ,গীত, প্ৰবন্ধৰ সংগৃহীত পংক্তিৰে ,খালি চকুৰে,মাত্ৰ দুই ইঞ্চি পৰিধিৰ ভিতৰতে পৃথিৱীৰ মানচিত্ৰ অংকন কৰি ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
ছাত্ৰজনৰ এই সাফল্য অঞ্চলটোৰ বিভিন্ন দল হয় সংগঠনৰ ব্যক্তিয়ে অভিনন্দন জনোৱাৰ উপৰিও বৃহৎ কাকডোঙা সাংবাদিক সন্থাৰ সভাপতি দীপক দত্ত,সম্পাদক দ্বয় ৰুবুল শইকীয়া আৰু আহমেদ হুছেইন বিকাশৰ ঘৰত উপস্থিত হৈ অভিনন্দন জনোৱা লগতে উৎসাহ যোগাবৰ বাবে বিকাশত দুহেজাৰ টকা চেক প্ৰদান কৰে।

Comments (0)
Add Comment