প্ৰথমটো আৰ ও যুক্ত ৱাটাৰ এ টি এম মুকলি

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি ডিব্ৰুগড় কদমনি পানী যোগান আঁচনি প্ৰাংগণত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু কদমনি খোৱা পানী যোগান আঁচনি পৰিচালনা সমিতিৰ দ্বাৰা সংস্থাপিত আৰ ও যুক্ত ৱাটাৰ এ টি এম আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে।

উল্লেখযোগ্য যে ডিব্ৰুগড় জনস্বাস্থ্য বিভাগ জিলা প্ৰশাসনৰ সহযোগত ৰাজহুৱা খোৱা পানী যোগান ব্যৱস্থাপনাত এক নৱতম সংযোজন হিচাপে প্ৰতিষ্ঠা কৰিছে। অসমৰ ভিতৰত প্ৰথমটো নগদবিহীন স্মাৰ্ট কাৰ্ডযুক্ত এই এ টি এম যন্ত্ৰ। প্ৰতি ঘণ্টাত এক হাজাৰ লিটাৰ বিশুদ্ধ খোৱা পানী মাত্ৰ দহ টকাত স্বয়ংক্ৰিয় যন্ত্ৰৰ সহায়ত উপভোক্তাসকলে সংগ্ৰহ কৰিব পাৰিব। তাৰ বাবে উপভোক্তাসকলে আগতীয়াকৈ স্মাৰ্ট কাৰ্ডৰ সদস্য হৈ এই স্বয়ংক্ৰিয় যন্ত্ৰৰ জৰিয়তে ইচ্ছা আৰু সমৰ্থ অনুযায়ী নিজ নিজ কাৰ্ডত টকা জমা ৰাখি এবাৰত বিশ লিটাৰকৈ যিকোনো সময়ত প্ৰয়োজন অনুসৰি কোনো তত্বাৱধায়ক সহায় নোলোৱাকৈ উক্ত কাৰ্ড দ্বাৰা বিশুক্ত খোৱা পানী সংগ্ৰহ কৰিব পাৰিব। প্ৰত্যেক দিনা প্ৰতিগৰাকী উপভোক্তাই কিমান পানী সংগ্ৰহ কৰিছে আৰু তেওঁৰ কাৰ্ডত কিমান পানী বাকী আছে প্ৰতিবাৰ পানী সংগ্ৰহৰ সময়ত এই স্বয়ংক্ৰিয় যন্ত্ৰই প্ৰদৰ্শন কৰিব। আগতীয়াকৈ স্মাৰ্ট কাৰ্ড সংগ্ৰহ নকৰা গ্ৰাহকেও তত্বাৱধায়কৰ হাতত থকা কাৰ্ডৰ জৰিয়তে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰিব পাৰিব।

Comments (0)
Add Comment