প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময়ত ভাগ ল`ব এন চি চিৰ বায়ু শাখাৰ গুৱাহাটীৰ চাৰিসহ উত্তৰ পূৱৰ বাৰজন কেডেটে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাৰ্চ মাহৰ শেষৰ ফালে দেশৰ সৰ্ববৃহৎ সুসংগঠিত যুৱ সংগঠন তথা ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাথী বাহিনীৰ (এন চি চি ) নিৰ্বাচিত কেডেটৰ সৈতে ভি ডি অ কনফাৰেঞ্চৰ যোগে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব । বাহিনীটোৰ সূত্ৰই সদৰি কৰা অনুসৰি এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে এন চি চি ৰ উত্তৰ পূব মণ্ডলৰ অধীনৰ সাতখন ৰাজ্যৰ বাৰজন কেডেট নিৰ্বাচিত হৈছে । ইয়াৰ ভিতৰত বাহিনীটোৰ বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আসাম এয়াৰ স্কুৱাদ্ৰোণ ফ্লায়িং এন চি চি ইউনিটৰ সৰ্বাধিক চাৰিজন কেডেট নিৰ্বাচিত হৈছে । ইউনিটৰ কমাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন ৰাজীৱ বিষ্ণয়ে জানিবলৈ দিয়া মতে ইয়াৰ ভিতৰত এজন কেডেট আহিছে অসমৰ সীমান্তবৰ্তী অঞ্চলৰ অতি ভিতৰুৱা ঠাইৰ পৰা । তেনেদৰে উত্তৰ পূৱৰ সাতখন ৰাজ্যৰ ১২ জনৰ ভিতৰত কেৱল ৫০ আসাম এয়াৰ স্কুৱাদ্ৰোণ ফ্লায়িং এন চি চি ইউনিটৰ পৰা নিৰ্বাচিত হোৱা বিষয়টোৱে ইউনিটৰ প্ৰতিজনকে আনন্দিত কৰি তুলিছে । আনকি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ বৰ্ষৰ স্বাধীনতা দিৱসত সীমান্তবৰ্তী অঞ্চলত থকা শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীক এন চি চি ত ভৰ্ত্তি কৰাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাৱা হৈছে । ফলত বিগত পাঁচ মাহত সীমান্তবৰ্তী অঞ্চলৰ নিৰ্বাচিত ৮ খন শিক্ষানুষ্ঠানৰ প্ৰায় ৬৫০ জন ছাত্ৰ ছাত্ৰীক ইউনিটৰ কেডেট হিচাপে ভৰ্ত্তি কৰা হৈছে । ইয়াৰে ৪৫০ জন ছাত্ৰ আৰু ২০০ জনী ছাত্ৰী । গ্ৰুপ কেপ্তেইন ৰাজীৱ বিষ্ণয়ে সদৰি কৰা মতে বৰ্তমান ইউনিটৰ কেডেটৰ সংখ্যা হ`ল ২,৩০০ জন আৰু এন চি চি ৰ গুৱাহাটী গ্ৰুপৰ ভিতৰতে সৰ্বাধিক।

Comments (0)
Add Comment