প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি মুকলি- কৃষকক উদ্দেশ্যি প্ৰধান মন্ত্ৰীৰ ভাষণ

সমগ্ৰ দেশৰ লগতে অসমতো আজি জনসাধাৰণে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষসকলক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰে।উল্লেখযোগ্য যে প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত তেখেতৰ জন্মদিন ২৫ ডিচেম্বৰ প্ৰতি বছৰে সুশাসন দিৱস ৰূপে পালন কৰা হৈছে। এই বছৰৰ সুশাসন দিৱসৰ লগত সংগতি ৰাখি প্ৰধান মন্ত্ৰী গৰাকীয়ে আজি প্ৰধান মন্ত্ৰী কিষাণ নিধিৰ অধীনত ৯ কোটি কৃষক পৰিয়ালৰ একাউণ্টলৈ পোনপটীয়াকৈ ১৮ হাজাৰ কোটি টকা হস্তান্তৰ কৰে আৰু দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকী কৃষকৰ লগত বাৰ্তালাপ কৰাৰ লগতে কৃষককে উদ্দেশ্যি ভাষণ প্ৰদান কৰে।
আজি অসমতো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত সকলো জিলা আৰু উন্নয়ন খণ্ডতে কৃষক সমাৰোহৰ আয়োজন কৰি এই অনুষ্ঠানটি দেখুওৱাৰ ব্যৱস্থা কৰা হয়।ৰাইজৰ বিপুল অংশগ্ৰহণেৰে এই সভা দিনৰ ১১ বজাত আৰম্ভ কৰি বিভিন্ন আঁচনি আৰু সুশাসন সম্পৰ্কত বক্তৃতা প্ৰদানৰ পিছতে কৃষক সকলৰ সৈতে প্ৰধান মন্ত্ৰীৰ কথোপকথন আৰু ভাষণৰ সম্প্ৰচাৰ দেখুওৱা হয়।ভাষণ প্ৰসংগত প্ৰধান মন্ত্ৰী গৰাকীয়ে নতুন কৃষি আইন সম্পৰ্কতো অৱলোকন কৰে। ৰাজ্যৰ জনসাধাৰণে আজি অনুষ্ঠানত বিপুল সঁহাৰি জনায়।

Comments (0)
Add Comment