প্ৰয়াত শিক্ষাবিদ হিতেশ চন্দ্ৰ ডেকাৰ প্ৰথম বাৰ্ষিক মৃত্যু তিথি – স্মৃতিচাৰণ আৰু সোঁৱৰণী গ্ৰন্থ শিক্ষাব্ৰতী উন্মোচন

নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তণ অধ্যক্ষ প্ৰয়াত হিতেশ চন্দ্ৰ ডেকাৰ প্ৰথম বাৰ্ষিক মৃত্যু তিথি, স্মৃতিচাৰণ আৰু সোঁৱৰনী গ্ৰন্থ “শিক্ষাব্ৰতী” আজি তেখেতৰ শেনচোৱাস্থিত বাসগৃহত উন্মোচিত হয়। ২০২০ চনৰ ১৮ নৱেম্বৰ দিনা এইগৰাকী শিক্ষাব্ৰতীয়ে মৃত্যুক সাৱতি লোৱাৰ পিছত আজি বাৰ্ষিক মৃত্যুতিথিত পৰিয়াল সম্বন্বিতে গুণমুগ্ধ সকলে শ্ৰদ্ধাৰে তেখেতক সোঁৱৰে। সেই উদ্দেশ্যে পুৱা ১১ বজাৰপৰা অনুষ্ঠিত স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে প্ৰয়াত ডেকাৰ সহপ্ৰাৰ্থী তথা কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আনন্দ বৰাই। সোঁৱৰনী গ্ৰন্থ “শিক্ষাব্ৰতী” উন্মোচন কৰে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্জুল কটকীয়ে। সাংবাদিক ৰাহুল দেৱ বৰদলৈয়ে আঁতধৰা এই স্মৃতিচাৰণ সভাত প্ৰয়াত ডেকাৰ স্মৃতি চাৰণ কৰে বিশিষ্ট সাহিত্যিক থগিত মহন্ত, আকাশবাণী নগাঁও কেন্দ্ৰৰ সঞ্চালিকা পল্লৱী কলিতা, সহপ্ৰাৰ্থী ৰহিন্দ্ৰ ডেকা, জাজৰিৰ সমাজকৰ্মী বক্তৰ হুছেইন, আবুল খায়েৰ আহমেদ, স্বপ্নালী নেওগকে ধৰি বহু গুণমুগ্ধই। অনুষ্ঠানৰ অন্তত প্ৰয়াত ডেকাৰ সহধৰ্মীনী শেৱালী ডেকা আৰু একমাত্র জীয়ৰী ৰিংকি ডেকাই সকলো অতিথিকে শলাগ জনায়।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Comments (0)
Add Comment