পৰম্পৰা ৰক্ষা কৰি অসমীয়াই পালন কৰিলে বোকা বিহু

ব`হাগৰ বতৰ । ব’হাগ বিহুৰ লগত বোকা বিহুৰ সংযুক্ত হৈ আছে।আজি ঠাই বিশেষে বোকা বিহু উদযাপিত হৈছে । উল্লেখযোগ্য যে এই বোকা বিহুত চৰ্ম ৰোগ আৰু বিভিন্ন ব্যাধিৰ পৰা উপশম পোৱাৰ কামনাৰে ভেদা ভেদ পাহৰি ইজনে সিজনক বোকাত লুতুৰী পুতুৰী কৰি আনন্দ উৎসাহত মিলিত হোৱা দেখা যায়।
ঢকুৱাখানাৰ কৃষ্ণপূৰ গাঁও বাসীয়ে শতিকা জুৰি উদযাপন কৰি আহিছে এই বোকা বিহুৰ পৰম্পৰ।উল্লেখযোগ্য যে বিগত বৰ্ষত ক’ৰণা মহামাৰী বাবে এই উৎসৱত অংশীদাৰ হ’ব নোৱাৰিলেও এইবাৰ চহা জীৱনৰ সৈতে সংপৃক্ত হৈ গাঁৱবাসীয়ে উদযাপন কৰিছে বোকা বিহু।আনহাতে সত্ৰনগৰী মাজুলীতো দেখা গ’ল বোকা বিহুৰ পৰম্পৰা।

Comments (0)
Add Comment