পৰ্যটনৰ নতুন সংজ্ঞা কফি গছ

সহস্ৰাধিক কফি গছৰ পুলি ৰোপন কৰি চৰ্চালৈ আহিছে বটদ্ৰৱাৰ এগৰাকী প্ৰকৃতিপ্ৰেমী। দ্বীপেন বৰুৱা নামৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিজনে পৰ্যটকক আকৰ্ষণ কৰাৰ অৰ্থে কীৰ্তন ঘৰ সংযোগী পথ আৰু দৌলমন্দিৰ সংযোগী পথত আজি কফি গছ ৰোপন কৰে।
 
 
বটদ্ৰৱাৰ ৰাণা বৰুৱা, তপন বৰুৱা, মৃগাংক মহন্ত, অনুজ বৰুৱা, প্ৰাঞ্জল বৰুৱা, নৱজ্যোতি খাটনিয়াৰকে আদি কৰি এই গছপুলি ৰোপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জানিব পৰা মতে তেখেতে পৰৱৰ্তী সময়ত বটদ্ৰৱা সমষ্টি সংযোগী অন্য পথতো কফি গছৰ পুলি ৰোপন কৰিব।
 

Comments (0)
Add Comment