ফটকা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে

বায়ু প্ৰদূষণৰ আৰু ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেৱালীৰ উদযাপনৰ ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।সেই অনুসৰি ৩০ ডিচেম্বৰলৈ মহানগৰীত ফটকা বিক্ৰী নিষেধাজ্ঞা জাৰি কৰিছে।
 
 
অৱশ্যে গুৱাহাটীৰ বাহিৰত গ্ৰীণ ক্ৰেকাৰ ব্যৱহাৰ কৰিব পাৰিব।নিৰ্দেশনা অনুসৰি দেৱালীত মাত্ৰ ২ ঘণ্টাৰ বাবে গ্ৰীণ ক্ৰেকাৰ ব্যৱহাৰ কৰিব পাৰিব।সেই অনুসৰি পুৱা ৮ বজাৰ পৰা ১০বজালৈ গ্ৰীণ ক্ৰেকাৰ ফুটাব পাৰিব।
আনহাতে চট পূজাত গ্ৰীণ ক্ৰেকাৰ ব্যৱহাৰ অনুমতি প্ৰদান কৰা হৈছে।সেই অনুসৰি পুৱা ৬ বজাৰ পৰা ৮ বজালৈ গ্ৰীণ ক্ৰেকাৰ ফুটাব পাৰিব। আনহাতে খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ বাবেও বিশেষ নিষেধাজ্ঞা জাৰি কৰিছে।

Comments (0)
Add Comment