বজালী মহকুমাক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা

বজালী মহকুমাক চৰকাৰী জাননী প্ৰকাশেৰে পূৰ্ণাংগ জিলাত পৰিণত কৰা হ’ল।মঙলবাৰে ৰাজ্যপালে এই ক্ষেত্ৰত অনুমোদন দিয়াৰ লগে লগে এই কথা নিশ্চিত হ’ল। বজালী মহকুমাৰ অধীনত সমূহ এলেকা বজালী জিলাৰ অন্তৰ্ভুক্ত হ’ব বুলি নিৰ্দেশনাটোত প্রকাশ কৰা হয়। জিলাখনৰ মুখ্য কাৰ্যালয় পাঠশালা চহৰত হ’ব বুলি চৰকাৰীভাৱে সদৰি কৰা হয়।
এই শুভক্ষণত বজালী বাসীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভেচ্ছা জ্ঞাপন কৰা লগতে এক শুভেচ্ছা বাৰ্তাত অসমৰ শিক্ষা আৰু সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ এই সমগ্ৰ অঞ্চলটোত আগন্তুক দিনত নতুন ৰূপত জিলিকি উঠিব বুলি আশা প্ৰকাশ কৰিছে।

Comments (0)
Add Comment