বন্যপ্ৰাণী উদ্ধাৰ কৰিলে প্ৰকৃতিপ্ৰেমীয়ে

অভয়াপুৰী চহৰৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ সমীপত বিচৰণ কৰি থকা অৱস্থাত এটা সুগৰী পহুৰ উদ্ধাৰ  হয়। ৰাইজৰ খবৰৰ ভিত্তিত বনবিভাগে সুগৰী পহুটো উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত সমীপৰে বনাঞ্চলত পহুটো মুকলি কৰি দিয়ে । চহৰৰ মাজমজিয়াত ক’ৰ পৰা কেনেকৈ পহুটো আহিল সেয়া জানিব পৰা নগ’ল।

 
 
আনহাতে নগাঁও জিলাৰ প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই দুষ্প্ৰাপ্য প্ৰজাতিৰ সাপ উদ্ধাৰ কৰি বনবিভাগৰ হাতত অৰ্পণ কৰে।  প্ৰকৃতিপ্ৰেমী এই যুৱকজনৰ প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।
খবৰ যুগুতালে অভয়াপুৰীৰ পৰা প্ৰাণজিত চৌহানে আৰু  নগাঁৱৰ পৰা ৰাজু বৰাই..

Comments (0)
Add Comment