বাহিৰলৈ গ’লে আপোনাক বীজাণু মুক্ত কৰিব এখন প্ৰৱেশ দ্বাৰে..কিন্তু ক’ত উদ্ভাৱন হৈছে এই প্ৰৱেশ দ্বাৰ খন..

ক’ৰণা ভাইৰাছৰ আতংকই সমগ্ৰ ৰাজ্যতে তোৰপাৰ লগোৱা সময়তে শৰীৰক বীজাণু মুক্ত কৰিব পৰা প্ৰৱেশ দ্বাৰ উদ্ভাৱন কৰিছে মিৰ্জাৰ এজন ব্যক্তিয়ে।মিলন জ্যোতি দাস নামৰ ব্যক্তিজনে স্বয়ংক্ৰিয় প্ৰৱেশ দ্বাৰ উদ্ভাৱন কৰিছে।
 
 
 
তেখেতে উদ্ভাৱন কৰা এই বিশেষ প্ৰৱেশ দ্বাৰ খনৰ নাম মা চেনিটাইজাৰ গেট নামেৰে নামাকৰণ কৰিছে।মাত্ৰ সাত দিনত এই গেটখন প্ৰস্তুত কৰি উলিয়াইছে।
 
 
 
আমি সচৰাচৰ বাহিৰলৈ গ’লে কেৱল হাত দুখনহে চেনিটাইজ কৰো।কিন্তু বাকী পিন্ধা কাপোৰ প্ৰত্যক্ষ ভাৱে ঘৰত ভিতৰলৈ সুমুৱাৰ পিছতহে চেনিটাইজ কৰা হয়।এই সকলোবোৰ দিশ অনুধাৱন কৰিয়েই এই গেট খন উদ্ভাৱন কৰো।
 
 
প্ৰৱেশ দ্বাৰত প্ৰৱেশ কৰিলে সংলগ্ন থকা চেঞ্চাৰে শৰীৰৰ ওপৰত পৰিধান কৰা কাপোৰলৈ ৰাসায়নিক দ্ৰব্য চটিয়াই ।আৰু মানুহজন আপোনাআপুনি  চেনিটাইজ হৈ যায়।এই মন্তব্য মিলন জ্যোতি দাসৰ।
 
 
মিলন জ্যোতি দাসৰ মতে লক ডাউনৰ এদিন পূৰ্বে প্ৰৱেশ দ্বাৰ খন প্ৰস্তুত কৰা হৈছে বাবে বিশেষজ্ঞই পৰীক্ষণ কৰিবলৈ বাকী থাকিল।
 
 
উল্লেখযোগ্য যে ৪৫টাতকৈ অধিক উদ্ভাৱনৰ লগত মিলন জ্যোতি দাস জৰিত হৈ আছে ।
 
সংগীতা শইকীয়া, সম্পাদক

Comments (0)
Add Comment