বিহু উদযাপনকলৈ নিৰ্দেশনা ঘোষণা কৰিলে মন্ত্ৰী শৰ্মাই

বিহুৰ উদযাপন বাবে প্ৰস্তুত কৰা হ’ব বিশেষ SOP। ক’ভিড ভয়াৱহতা প্ৰতি লক্ষ্য ৰাখি এই কথা ঘোষণা কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই । এই SOP ত থাকিব কিছুমান নীতি নিৰ্দেশনা। এই SOP অনুসৰি এইবাৰ পালন কৰিব লাগিব বিহু। উল্লেখ কৰা অনুযায়ী নিশা ১২ বজালৈকে বিহুৰ অনুষ্ঠান উদযাপন কৰিব পাৰিব বিহু ।১২ বজাৰ পিছত কোনো ধৰণৰ অনুষ্ঠান চলিব নোৱাৰিব।বিহু অনুষ্ঠানত সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।দৰ্শক সকলেও সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ।উল্লেখযোগ্য যে এইবাৰ বিহুত কোনো ধৰণৰ লক ডাউন নহয়।ভালদৰে যাতে বিহু উদযাপন কৰা যায় তাৰ বাবেও ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।

Comments (0)
Add Comment