বৃক্ষৰোপনৰ কাৰ্য্যসূচী সম্পন্ন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ ছাত্ৰ পৰিষদে সক্ৰিয় সদস্য ধ্ৰুৱজ্যোতি বড়াৰ জন্মদিনৰ লগত সংগতি ৰাখি বেলতলা আঞ্চলিক আৰু দিছ্পুৰ আঞ্চলিক সমিতিৰ সৌজন্যৰ লগতে economic and social development society ৰ সহযোগত কালি বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আৰু বেলতলাৰ কিছু অঞ্চলত এক বৃক্ষ ৰোপন কাৰ্যসূচী হাতত লয়।উক্ত অনুষ্ঠানটোত বৃক্ষৰোপনৰ শুভাৰম্ভ কৰে জয়ানগৰৰ বিখ্যাত ব্যৱসায়ী ৰমেন কলিতাই।
 
 
 
ইয়াৰ উপৰিও অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে অসীম হাজৰিকা লগতে মকালক্ষ্মী এন জি অ’ৰ জৰিয়তে সমাজত পৰিবৰ্তনৰ এক নতুন দিশৰ সঞ্চাৰ কৰাৰ ক্ষেত্ৰত মতামত আগবঢ়ায়।অনুষ্ঠানৰ পৰৱৰ্তী পৰ্যায়ত মকালক্ষ্মীৰ সদস্য জয়ন্ত শইকীয়াই উপস্থিত সকলো সদস্যকে এটি গছ পুলি দিয়ে।

Comments (0)
Add Comment