বৃহত্তৰ ঢকুৱাখনা ইলেকট্ৰনিক- ডিজিটেল মেডিয়া ফ`ৰাম গঠন

লখিমপুৰ জিলাৰ  বৃহত্তৰ ঢকুৱাখনা মহকুমাৰ ইলেকট্ৰনিক আৰু ডিজিটেল সংবাদ মাধ্যমৰ সৈতে জড়িত  সংবাদসেৱী সকলৰ উমৈহতীয়া  সংগঠন এটাৰ শনিবাৰে আত্মপ্ৰকাশ ঘটে। ঘিলামৰা প্ৰেছ ক্লাব প্ৰাংগণত  শনিবাৰে বিয়লি মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰা  অঞ্চলৰ ইলেকট্ৰনিক আৰু ডিজিটেল সংবাদসেৱী সকলৰ উপস্থিতিত “বৃহত্তৰ ঢকুৱাখনা ইলেকট্ৰনিক আৰু ডিজিটেল  মিডিয়া ফৰাম” নামৰ  সংগঠনটোৱে আত্মপ্ৰকাশ কৰে।  প্ৰেছ ক্লাৱৰ কাৰ্য্যালয় কক্ষত জ্যেষ্ঠ সাংবাদিক অমৃত পৱন বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত  মহকুমাটোৰ ডিজিটেল আৰু ইলেকট্ৰনিক সাংবাদিক সকল একত্ৰিত হোৱা এখন উমৈহতীয়া মঞ্চ গঠনৰ পোষকতা কৰে উপস্থিত সকলো সংবাদসেৱীয়ে। সভাত অতুল বৰুৱা , অৰুণ চমুৱা , কমিন শইকীয়া , দামোদৰ বৰুৱা , পৰাণ জ্যোতি বৰা ,  উত্তম হাজৰিকা, গোলাপ দাস , ঘন কান্ত দলে ,  দীপাংকৰ চেতিয়া ,জিন্টু কোচ ,প্ৰাঞ্জল দত্ত , বিশ্বজ্যোতি কোচ আদিয়ে একেমুখে  এখন মঞ্চ গঠনৰ সৰ্বসন্মত মত ব্যক্ত কৰে। সভাত অতুল বৰুৱাক সভাপতি, কমিন শইকীয়াক উপ সভাপতি, অৰুণ চমুৱাক সাধাৰণ সম্পাদক , পৰাণ জ্যোতি বৰা , উত্তম হাজৰিকাক সহকাৰী সম্পাদক , দামোদৰ বৰুৱাক কোষাধ্যক্ষ , জিন্টু গগৈক কাৰ্য্যালয় সম্পাদক হিচাবে লৈ  দুবছৰীয়া কাৰ্যকালৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰা হয়।  সভাত  অনাগত সময়ত জনমুখী সাংবাদিকতাৰ লগতে  জন দায়বদ্ধ কৰ্মসূচী গ্ৰহণৰ সংকল্প গ্ৰহণ কৰা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment