বেল মেটেল আৰ্টিচান এণ্ড ট্ৰেডিং কো অপাৰেটিভ চ’ছাইটিক আৰ্থিক সাহাৰ্য্য প্ৰদান মুখ্যমন্ত্ৰীৰ

আজি সৰ্থেবাৰীৰ বেল মেটেল আৰ্টিচান এণ্ড ট্ৰেডিং কো অপাৰেটিভ চ’ছাইটিক মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত ১কোটি টকা আৰ্থিক সাহাৰ্য্য মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে।
 

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্পীসকলে নিজস্ব দক্ষতাৰে শক্তিশালী পৰিচয় দাঙি ধৰি আহিছে। অসমৰ থলুৱা শিল্পৰাজিৰ বিকাশ সাধনৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰেও আত্মনিৰ্ভৰ অসম গঢ়াত আত্মনিয়োগ কৰিছে। এইক্ষেত্ৰত সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্পই শক্তিশালী বৰঙণি যোগাব বুলি মতপোষণ কৰে।
 
 
আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰী সোণোৱালে সৰুক্ষেত্ৰী অঞ্চলৰ বান পৰিস্থিতিৰ যথোচিত সমাধানৰ বাবে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে। সমান্তৰালভাৱে বানপানীত মৃত্যুবৰণ কৰা দুগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক ৪লাখকৈ টকাৰ চেক প্ৰদান কৰে।আজিৰ অনুষ্ঠানত  মন্ত্ৰী কেশৱ মহন্তুৰ লগতে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment