ব্যতিক্ৰমী ধৰণেৰে শুভেচ্ছা জ্ঞাপন কৰিছে লাভলীনাক

টকিঅ’ অলিম্পিকত বক্সিং প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পদক নিশ্চিত কৰা অসম কন্যা লাভলীনা বৰগোহাঁইক ব্যতিক্ৰমী ধৰণেৰে শুভেচ্ছা জ্ঞাপন কৰা প্ৰয়াস কৰিছে গহপুৰৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে ।শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তনয়া শইকীয়াই আহত গছৰ পাতত লাভলীনা বৰগোহাঁই ,টকিঅ` আদি শব্দ লগতে অলিম্পিকৰ চিম্বলৰ উপৰিও Go For Glory লিখি শুভেচ্ছা জ্ঞাপন কৰিছে লাভলীনা বৰগোহাঁইক।তনয়া শিক্ষক বিশ্বজিৎ শইকীয়া আৰু শিক্ষয়ত্ৰী মৌচুমী শইকীয়া একমাত্ৰ কন্যা।উল্লেখযোগ্য যে অতি কম সময় ভিতৰতে বক্সাৰ গৰাকীয়ে সোণৰ পদক অৰ্জন কৰি অসম তথা ভাৰতৰ নাম বিশ্ববাসী মাজত জিলিকাব বুলি আশা প্ৰকাশ কৰিছে।

Comments (0)
Add Comment