ভাল খবৰৰ মাজেৰে

অসমৰ জীয়ৰী তথা অৰুণাচল প্ৰদেশৰ মুখ্য সচিব শকুন্তলা দলে গামলিনে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ ভাবে সক্ষম লোকৰ সৱলীকৰণ মন্ত্ৰালয়ৰ সচিব হিচাবে নিযুক্তি লাভ কৰিছে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জাৰবম গামলীনৰ পত্নী। ইতিপূৰ্বে শকুন্তলা দলে গামলিন কেন্দ্ৰীয় চৰকাৰৰ বহু কেইটা উচ্চ পদস্থ পদত অধিষ্ঠিত আছিল। স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰৰ সচিবৰ দৰে শীৰ্ষ বিষয়ৰ পদত অধিষ্ঠিত হোৱা উত্তৰ পূবৰ প্ৰথম গৰাকী মহিলা।

প্ৰসিদ্ধ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান অ’ডিৰ গুৱাহাটী শাখাই আজি অ’ডিৰ A5 স্পৰ্টবেক, অ’ডি A5 কেব্ৰিঅ’লেট আৰু অ’ডি S5 স্পৰ্টবেক মুকলি কৰে। মহানগৰীৰ লালমাটিস্থিত অ’ডিৰ “শ্ব” ৰুমত অয়োজিত এক সংবাদমেলত অধ্যক্ষ পুলক গোস্বামীয়ে মন্তব্য কৰে যে আজি মুকলি কৰা গাড়ী কেইখন ক্ৰীড়াসুলভতা, ষ্টাইলিচ আৰু দেখনীয়। বিশেষকৈ যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিব। জানিব পৰা মতে অ’ডি S5 স্পৰ্টবেক গাড়ীখনৰ মূল্য ৫৪ লাখ ২ হাজাৰ আৰু অ’ডি A5 কেব্ৰিঅ’লেট মূল্য ৬৭ লাখ ৫১ হাজাৰ টকা।

শিক্ষা ব্যৱস্থাতো দশম শ্ৰেণী লৈকে সকলোৰে বাবে বিনামূলীয়া হোৱাৰ লগতে বিশেষকৈ ছাত্ৰী সকলৰ বাবে দ্বাদশৰ লৈকে বিনামূলীয়া হোৱা উচিত। এই মন্তব্য আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা। এনে ধৰণৰ মন্তব্যৰ প্ৰতি অনুপ্ৰাণিত হৈ কলেজ ষ্টুডেণ্ট ওৱেলফেয়াৰ কমিটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনটোৱে গ্ৰহণ কৰিছে এক পদক্ষেপ। গুৱাহাটীৰ দুখন কলেজ কটন বিশ্ববিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ স্নাতকৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি থকা ছাত্র ছাত্ৰীৰ বাবে জলপানী দিয়াৰ ব্যৱস্থা কৰিছে। সম্পূৰ্ণ মেধাৰ ভিত্তিত নিৰ্বাচন কৰিব লগা জলপানী পোৱাৰ ব্যৱস্থাৰ বাবে ইচ্ছুক সকলে অভিনৱ বৰবৰা ৮৮০০৫৭৭৮১৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।

 

Comments (0)
Add Comment