ভাল খবৰৰ সম্ভাৰে…

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তৰাষ্ট্ৰীয় কন্যা দিৱস উদযাপন হয়। উল্লেখযোগ্য যে জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত সপ্তাহজুৰি এক কাৰ্য্যসূচী গ্ৰহণ কৰি অহাৰ বাতৰি পোৱা গৈছে। কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি মাতৃ সকলক শপত বাক্য পাঠ কৰোৱাৰ লগতে ৩ গৰাকী ছাত্ৰীক বিশেষ ভাবে পাৰদৰ্শিতা দেখুওৱাৰ বাবে সন্মানিত কৰা হয়।

আনহাতে প্ৰতি বছৰৰ দৰে ন-চিন্তাৰে উজলি উঠিব ১৭তম Leo Expo 2017। ২৭ অক্টোবৰৰ পৰা ১৩ নবেম্বৰ লৈ অনুষ্ঠিত হ’ব লগা এই এক্সপত দেশৰ লগতে ইজিপ্ত, তুৰ্কী, বাংলাদেশ, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, নেপাল, থাইলেণ্ড, ঘাণা আৰু আফগানিস্তানে অংশগ্ৰহণ কৰিব। উল্লেখ্যযোগ্য যে কেৱল ব্যৱসায়িক দিশৰ ওপৰতেই নহয় শিল্পী, সাংবাদিকক উৎসাহিত কৰাৰ অৰ্থে বিভিন্ন সময়ত Leo Expo ই সহযোগ কৰি আহিছে ।এক্সপ’ৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা Dog show অনুষ্ঠিত হ’ব।

আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত আয়োজকে এই কথা সদৰী কৰে। আয়োজকৰ লগতে সাংবাদিক প্ৰণয় বৰদলৈ, সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু শিল্পী মনিষা হাজৰিকাই অংশগ্ৰহণ কৰে।

অসম আৰু অসমবাসীক বিশ্ব দৰবাৰত বিশেষ ভাৱে পৰিচয় কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে শিল্পী অপুৰাজ বৰুৱাই। আমি নিজকে কিয় অসমীয়া বুলি গৌৰৱবোধ কৰো সেই সৰ্ম্পকে লিখিব ১২০০ তকৈ অধিক লেখক লেখিকাই। জানিব পৰা মতে ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ দিনা শিল্পগ্ৰামত কিতাপ খন উন্মোচন হ’ব। প্ৰবীণ প্ৰতিষ্ঠিত লেখকৰ পৰা আৰম্ভ কৰি নবীন লেখক সকলৰ লেখা সন্নিবিষ্ট থাকিব।

ইফালে কৈলাস সত্যাৰ্থী “বচপন বচাও” আন্দোলনৰ অংশস্বৰূপে অসমৰ শিক্ষাৰ্থী সকলৰ মাজত এক জাগৰণ অনাৰ প্ৰয়াস কৰিব। শীঘ্ৰে সত্যাৰ্থী ক্লাছ আৰম্ভ কৰা হব বুলি জানিব পৰা গৈছে


আনহাতে সুস্বাদু ইলিছ মাছ উভৈনদী হৈ পৰিছে ধুবুৰীৰ বজাৰত। জানিব পৰা মতে ধুবুৰী চহৰত ইলিছ মাছৰ প্ৰতি কেজি ১৫০, ২০০, ৩০০ টকা লৈকে হ্ৰাস পাইছে। ফলস্বৰূপে দুখীয়া লোক সকলেও মাছৰ ৰজা বুলি জনা ইলিছ মাছক আদৰি লোৱাটো সুলভ ভাৱে পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment