ভাৰতবৰ্ষ শতিকাৰ আটাইতকৈ ডাঙৰ সংকটৰ মাজত আছে-শ্ৰী শ্ৰী ৰবিশংকৰ

আজি আমাৰ দেশখন এই শতিকাৰ আটাইতকৈ ডাঙৰ সংকটৰ মাজেৰে গৈ আছে। এই সময়ত আমাৰ মনোবল হ্ৰাস হোৱা, আমি হতাশাগ্ৰস্ত হোৱা, আমি আমাৰ বন্ধু-বান্ধৱ আৰু আত্মীয়সকলৰ দুখ-কষ্ট দেখিবলৈ পাওঁ। বহুলোকে তেওঁলোকৰ আত্মীয়সকলক হেৰুৱাইছে। এই পৰিস্থিতিত ব্যক্তিজন ভাগি পৰাটো স্বাভাৱিক, সকলো ফালৰ পৰা দুখজনক আৰু বেদনাদায়ক- বুলি ব্যক্ত কৰে ভাৰতীয় আধ্যাত্মিক গুৰু তথা ‘দ্য আৰ্ট অৱ লিভিঙ’ৰ প্ৰতিষ্ঠাপক শ্ৰীৰৱি শংকৰে।
নতুন দিল্লীৰ ক`ভিড সঁহাৰি দলে আয়োজন কৰা সীমাহীন ইতিবাচকতাৰেই আমি জিকিম-শীৰ্ষ অনলাইন বক্তৃতা লানিৰ দ্বিতীয়টো বক্তৃতা প্ৰদান কৰি আধ্যাত্মিক গুৰু গৰাকীয়ে ক`ভিড সৃষ্ট এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এতিয়া আমি কি কৰা উচিত- বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে,এনে সময়ত আমি চাৰিটা বস্তুৰ ওপৰত গুৰুত্ব দিয়া উচিত।
প্ৰথম কথাটো হ’ল যে প্ৰতিজন ব্যক্তি সাহস, ধৈৰ্য্য নামৰ কিবা এটাৰে ভৰি থাকে, সেই ধৈৰ্য জাগ্ৰত কৰাৰ সময়। এই সময়ত আমি চিকিৎসক সকলৰ সহায়ক হ’ব লাগিব। আমাৰ মানসিক, সামাজিক আৰু আৱেগিক দায়িত্ব জাগ্ৰত কৰি আমাৰ দুখবোধ আঁতৰ কৰিব পাৰিব লাগিব।
দ্বিতীয় কথাটো হ’ল- আমাৰ ইন্দ্ৰিয়বোৰৰ যত্ন ল’ব লাগিব। আমি নিজৰ দুখ বুজো, কিন্তু যদিহে আমি আনৰ দুখ-কষ্ট মননশীলতাৰে সৈতে লক্ষ্য কৰো, তেওঁলোকৰ দুখ আমাতকৈ অধিক দেখিম! এনেকৈ আমি দুখক জয় কৰিবলৈ যত্ন কৰিব লাগিব।
তৃতীয়তে- আমি আমাৰ আভ্যন্তৰীণ শক্তি/মনোবল জাগ্ৰত কৰিব লাগিব। আমাৰ আত্মীয় সকলৰ দুখ-কষ্ট বা বিয়োগ বাতৰিত অধিক শোকাতুৰ হৈ, অস্থিৰ হৈ আইন-কানুন, নিয়ম-নীতি ভাঙিব নালাগিব। এনে কৰিবলৈ স্বাভাবিকতে আমাৰ মনোবল অতি জৰুৰী।
চতুৰ্থতে- প্ৰাণায়াম, ধ্যান, মন্ত্ৰ জপৰ দ্বাৰা আত্মাক অধিক সবল কৰিবলৈ যত্নপৰ হ’ব লাগিব। ই আমাক অধিক বিপদৰ মুখা-মুখী হ’বলৈ আত্মশক্তি প্ৰদান কৰে।
ক`ভিডৰ-১৯ৰ সতে সাহসেৰে যুঁজ দিবলৈ ভাৰতবাসীলৈ এনেদৰে আহ্বান জনাই আধ্যাত্মিক গুৰুজনাই। লগতে খাদ্যৰ ওপৰতো অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। এনে সময়ত সঠিক খাদ্য গ্ৰহণ, ব্যৱহাৰিক জীৱনত আয়ুৰ্বেদিক সামগ্ৰীৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে- ক`ভিড নিৰাময়ৰ পাছতো শৰীৰলৈ বহুতো দুৰ্বলতা আহে। সেয়ে এই দুৰ্বলতাৰ পৰা ওলাই আহিবলৈ আমি যোগ আৰু আয়ুৰ্বেদৰ আশ্ৰয়লৈ যাবই লাগিব। তেওঁৰ মতে-‘ঈশ্বৰৰ বিশ্বাসে আমাক জীৱনত উদ্ভৱ হোৱা সকলো দুখ-কষ্টৰ পৰা বাহিৰ হ`বলৈ শক্তিশালী কৰিব। আত্ম-শক্তি বৃদ্ধি কৰিব কৰিব।
ক`ভিড সঁহাৰি দলে” আয়োজন কৰা পাচদিনীয়া অনলাইন ভাষণ শৃংখলাৰ দ্বিতীয়টো ভাষণ প্ৰসঙ্গত ‘আমাৰ বৰ্ধিত মানসিক নেতিবাচক পৰিস্থিতি পৰিহাৰ কৰিবলৈও দেশবাসীলৈ আহ্বান জনায় “দ্য আৰ্ট অৱ লিভিঙ’ৰ প্ৰতিষ্ঠাপকজনাই।

Comments (0)
Add Comment