ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ মহিলা কল্যাণ সংস্থা “কল্যাণময়ী”ৰ উদ্যোগত এয়াৰপৰ্ট অথৰিটী এম্পলইজ ইউনিয়ন ( এ এ ই ইউ), বিষয়া সন্থা,এ টি চি গীল্ড এণ্ড ইঞ্জিনিয়াৰিং গীল্ড অৱ এন ই আৰৰ সহযোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কেবা শতাধিক বানাক্ৰান্ত ৰাইজৰ মাজত ৩১ জুলাইত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈৰ তদাৰকতাত আৰু মহিলা কল্যাণ সংস্থা কল্যাণময়ীৰ কোষাধ্যক্ষ শালিনী দৈমাৰী , কৰ্মকৰ্তা পুষ্পলতা দেৱী, হেমা কোঁৱৰ, ৰাজু কুমাৰ দাস, জাহ্নৱী কোঁৱৰৰ নেতৃত্বত গুৱাহাটীৰ পৰা যোৱা দলটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাত উপস্থিত হৈ বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা প্ৰায় ৩০০ পৰিয়ালক বানপানী শুকুৱাৰ পাছত প্ৰয়োজন হোৱা ফেনাইল, ব্লিছিং পাউদাৰ, কাঁহী, বাটি , বাল্টি , মগ, কেৰাহী, বাচন – বৰ্তন, মাস্ক, চেনিটাইজাৰ, হেণ্ড গ্লোভচ্ , বিস্কুটকে ধৰি বিভিন্ন শুকান খাদ্য সামগ্ৰী, বিভিন্ন ৰোগৰ প্ৰতিষেধকৰ বাবে ঔষধ, মহিলা – যুৱতীৰ বাবে চেনিটেৰী পেড আৰু খোৱাপানীৰ বটল প্ৰদান কৰা হয়। বানপীড়িত পৰিয়ালসমূহেও ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ লগতে কল্যাণময়ীৰ এই পদক্ষেপক আন্তৰিকতাৰে আদৰণি জনায়।এই সন্দৰ্ভত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কয় বিপদৰ সময়ত সংকটৰ সন্মুখীন হোৱা মানুহবিলাকক এষাৰি মাত দিয়াৰ লগতে সাধ্যানুসৰি মানৱীয় ধৰণে সহায় কৰাটো সকলো মানুহৰে কৰ্ত্তব্য হোৱা উচিত।আনহাতে সাহায্য অভিযানৰ নেতৃত্ব দিয়া কল্যাণময়ীৰ কোষাধ্যক্ষ শালিনী দৈমাৰীয়ে জানিবলৈ দিয়া মতে আজিও চৰাইদেউ জিলাৰ বান বিধ্বস্ত কিছু অঞ্চলত ক্ষতিগ্ৰস্থ পৰিয়ালৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে।