ভীমবৰ দেউৰী বঁটা প্ৰদান কৰিব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰুণোত্তৰভাৱে আগবঢ়োৱা ভীমবৰ দেউৰী বঁটা আজি আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ’ব গুৱাহাটীৰ দিছ্পুৰ প্ৰেছ ক্লাৱত আয়োজিত এক বিশেষ অনুষ্ঠানত।দেউৰী পিপ’লছ জাষ্টিছ ফ’ৰামে প্ৰদান কৰিব এই বঁটা। ১৯০৩ চনৰ ১৬ মে’ত জন্মগ্ৰহণ কৰা ভীমবৰ দেউৰীয়ে অসমৰ জাতি জনগোষ্ঠীৰ স্বকীয় পৰিচয় ৰক্ষার্থে অহোপুৰুষাৰ্থ কৰিছিল।১৯৩৩ চনত ট্ৰেইবেল লীগৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হোৱা ভীমবৰ দেউৰীয়ে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ অধিকাৰ আৰু প্ৰাপ্যৰ বাবে সৰৱ ভূমিকা পালন কৰিছিল।
খিলঞ্জীয়া অসমীয়াক মাটিৰ পট্ৰা প্ৰদানকে ধৰি আন বহু বিষয়ত ভীমবৰ দেউৰীয়ে মাত মাতিছিল।১৯৪৭ চনত ৩০ নৱেম্বৰত মৃত্যু বৰণ কৰা ভীমবৰ দেউৰীয়ে তদানীন্তন চৰকাৰৰ ভুল শিক্ষানীতিৰ বিৰোধিতা কৰিছিল।খিলঞ্জীয়াৰ স্বাধীকাৰৰ হকে মাত মতা ভীমবৰ দেউৰীক প্ৰতি বছৰে ৰাজ্যবাসীয়ে স্মৰণ কৰি আহিছে।

Comments (0)
Add Comment