মাকৈ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে ধিঙৰ চহা খেতিয়কে

চৰকাৰে কৃষকসকলক বিভিন্ন সময়ত সহায় সহযোগিতা আগবঢ়াই আহিছে৷ যাৰ ফলস্বৰূপে একাংশ কৃষকে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে৷ চৰকাৰী বিষয়া তথা কৃষি বিশেষজ্ঞৰ পৰামৰ্শৰ বাবে ধিঙৰ ২ নং কান্ধুলীমাৰি অঞ্চলৰ কৃষকসকলে জীৱিকাৰ পথ বিচাৰি পাইছে। জানিব পৰামতে ২০১২ চনতেই চৰকাৰৰ ফালৰ পৰা এই বিশেষ অঞ্চলটোৰ কৃষকসকলক খেতিৰ বাবে মাকৈ যোগান ধৰা হৈছিল। প্ৰথম অৱস্থাত তেওঁলোকে মাকৈৰ খেতি কৰি বিশেষ লাভৱান হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত সেই খেতিৰে লাভাম্বিত হৈ পৰিছে৷ যাৰ আপাহত প্ৰায় ৬০ জন কৃষকে ৭০০০ বিঘা মাটিত মাকৈ খেতি আৰম্ভ কৰিছে।

মন কৰিবলগীয়া যে, অতি কম যত্ন, কম সময় আৰু কম খৰছত এই খেতি কৰিব পৰা যায় বাবে তেওঁলোকে মাকৈ খেতিৰ প্ৰতি অধিক উৎসাহী। সম্প্ৰতি এই অঞ্চলৰ কৃষকসকলে মাকৈ খেতিকে জীৱিকা উপাৰ্জনৰ মূল সম্বল হিচাবে নিৰ্বাচন কৰিছে। বৰ্তমান সময়ত যথেষ্ট উৎপাদন ভাল হৈছে৷ সেয়েহে বিভাগীয় কৰ্তৃপক্ষক আছুতীয়া বজাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় থলুৱা কৃষকসকলে আহ্বান জনাইছে। 

(সহযোগ কৰিলে ধিঙৰ পৰা চাইফুল ইছলামে)

Comments (0)
Add Comment