মাজুলীৰ সত্ৰৰ এখন বিচনীয়ে ঐতিহ্য বহন কৰিছে

সত্ৰীয়া সংস্কৃতিৰে চহকী মাজুলীৰ সত্ৰৰ এখন বিচনীয়ে যুগ যুগৰ গৌৰৱ ধ্বজা বহন কৰিছে। ১৮৭২ চনতে সত্ৰাধিকাৰে এই বিচনীখন ব্ৰিটিছ চাহাবক প্ৰদান কৰিছিল।তাৰ পিছতে মহামানৱ মহাত্মা গান্ধী,জৱাহৰলাল নেহৰু,প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, আব্দুল কালাম,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপহাৰ হিচাপে সত্ৰৰ পৰা এই বিচনীখন লাভ কৰিছে।
যুগৰ বিৱৰ্তনৰ লগে লগে শিল্প কলালৈ পৰিবৰ্তন আহিছে যদিও এই বিচনী খনলৈ অহা নাই কোনো পৰিবৰ্তন ।উল্লেখযোগ্য যে এই বিচনীখন প্ৰস্তুত কৰা হয় হেঙুৰ হাইতেল, সুশোভিত মখমল কাপোৰেৰে আৰু বেতৰ সংমিশ্ৰণৰে। এই বিচনীখন সত্ৰৰ অভিজাত্যৰ প্ৰতীক।উল্লেখযোগ্য যে এই বিচনীখন লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম ,দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়, ভূপাল সংগ্ৰহালয়ত সংৰক্ষণ হৈ আছে।একো গৰাকী সুনিপুণ শিল্পীয়ে এই বিচনীখন প্ৰস্তুত কৰিবলৈ সময় লাগে ৫দিন। বিচনীখনৰ বৰ্তমান মূল্য ১০০০ টকা পৰা ১২০০ টকা।অতীতৰ গৌৰৱ ধ্বজা বহন কৰা এই বিচনী খন নিসন্দেহে মাজুলীৰ আকৰ হিচাপে পৰিগণিত হৈছে।

Comments (0)
Add Comment