মিৰ্জাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি আছুৰ

আজি সমগ্ৰ অসমৰ লগতে মিৰ্জাস্থিত শ্বহীদ ভৱনতো সন্ধিয়া দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই বিশ্ব বৰোণ্য শিল্পী ড° ভূপেন হাজৰিকা দেৱৰ দশম তম্‌ পবিত্ৰ মৃত্যুতিথিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্জ্বলনেৰে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতুল কুমাৰে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাসে। অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন গণ্য-মাণ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ লগতে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি পৃথিৱী দাস, শিক্ষা সম্পাদক বেদব্ৰত দাস, সাহিত্য সম্পাদক ৰাহুল ঠাকুৰীয়া উপস্থিত থাকি বিশ্ববৰোণ্য শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Comments (0)
Add Comment