মুকলি আকাশৰ তললৈ আহিল দেবাংগণা কলিতা

অৱশেষত জামিন লাভ কৰিলে দেবাংগণা কলিতাই। মংগলবাৰে উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল ছাত্ৰ নেত্ৰী দেবাংগণা কলিতা, নাতাশা নাৰৱাল আৰু ছাত্ৰ নেতা আছিফ ইকবাল তানহাক।
কাৰাগাৰ পৰা মুক্ত হৈয়ে দেবাংগণা কলিতাই কয় যে ‘আমি ন্যায়ালয়ৰ ৰায়দান পঢ়া নাই যদিও ন্যায়ালায়ৰ ৰায়দানক আদৰণি জনাইছােঁ। ন্যায়ালয়ে প্ৰতিবাদকাৰীৰ মৌলিক অধিকাৰক সন্মান জনাইছে। এই চৰকাৰে মহিলাকাে কাৰাগাৰৰ ভিতৰত ৰাখিব বিচাৰিছে। CAA ৰ বিৰুদ্ধে আন্দােলন কৰা প্ৰতিজন মানুহৰ আশীৰ্বাদৰ বাবেই আজি আমি ন্যায়লাভ কৰিলােঁ।লগতে কয় যে জেলত থকাটাে সহজ নহয়। বছৰ বছৰ ধৰি অসংখ্য মানুহে ন্যায়ৰ অপেক্ষাত কাৰাগাৰত বন্দী হৈ আছে।

Comments (0)
Add Comment