মেজিক বুক অফ ৰেকৰ্ড নাম সন্নিবিষ্ট কৰিলে অনুস্কাই

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিলেখ “মেজিক বুক অফ ৰেকৰ্ড”ত নাম সন্নিৱিষ্ট কৰিলে শেনচোৱাৰ অনুষ্কা দাস নামৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে। সদৰ সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ শেনচোৱাৰ অনুষ্কা দাস নামৰ ছাত্ৰীগৰাকীয়ে সৃজনশীল প্ৰতিভাৰে বিগত সময়চোৱাত নৃত্য চৰ্চা আৰু মডেলিংৰ জৰিয়তে লাভ কৰা কৃতিত্বৰ আধাৰত “মেজিক বুক অৱ ৰেকৰ্ড“ত স্থান পাবলৈ সক্ষম হোৱাৰ লগতে বৃহত্তৰ শেনচোৱা অঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ৷
শেনচোৱা নিবাসী ঘনকান্ত দাস আৰু পিংকি দাসৰ সুযোগ্য কন্যা অনুস্কা দাসে ক‘ভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতে নৃত্য কলা আৰু মডেলিংৰ জৰিয়তে এই কৃৰ্তিত্বৰ অধিকাৰী হোৱাত উৎফুল্লিত হৈ পৰা দেখা গৈছে স্থানীয় ৰাইজক৷ বৰ্তমান সন্দিপানী বিদ্যামন্দিৰত অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীয়ে শিশু অৱস্থাৰ পৰাই নৃত্য কলা আৰু মডেলিংৰ প্ৰতি আগ্ৰহী আছিল। যাৰ বাবে সত্ৰীয়া নৃত্য, কথক নৃত্য, লোক নৃত্য চৰ্চা আৰু সাধনাত ব্ৰতী হোৱাৰ লগতে মডেলিংতো মনোনিৱেশ কৰিছিল৷স্কুলীয়া শিক্ষাৰ সমান্তৰাল ভাৱে বহু কেইগৰাকী নৃত্য গুৰুৰ ওচৰত অনুস্কাই নৃত্য সাধনাৰ আনুষ্ঠানিক শিক্ষা গ্ৰহন কৰিছিল৷ স্ব-প্ৰতিভাৰ জৰিয়তে বিভিন্ন সময়ত লাভ কৰা নৃত্য আৰু মডেলিংৰ ক্ষেত্ৰৰ সন্মান,পুৰস্কাৰ আদিৰ প্ৰমান পত্ৰ সমূহ হাৰিয়ানাৰ মেজিক বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ পাছতে অন লাইন যোগে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এই সন্মান প্ৰদান কৰে ৷

Comments (0)
Add Comment