মৰিগাঁৱৰ উদ্ধব দেউৰীয়ে উদ্ভাৱন কৰিছে এক বিশেষ যন্ত্ৰ

বায়ু কল নামেৰে এটা যন্ত্ৰ আবিষ্কাৰ কৰি চৰ্চালৈ আহিছে মৰিগাঁও দীঘলবৰীৰ এজন কৃষক ।কৃষক জনৰ নাম উদ্ধব দেউৰী। তেওঁ ঘৰতে থকা কিছুমান সামগ্ৰী যেনে ফেন আৰু পুৰণি প্লেট ব্যৱহাৰ কৰি সাজি উলিয়াইছে বায়ু বেল। উল্লেখযোগ্য যে এই বায়ু বেলে পথাৰত উপদ্ৰৱ কৰা চৰাই-চিৰিকটিৰ পৰা শস্য বচাই ৰাখে। উল্লেখযোগ্য যে উদ্ধব দেউৰীয়ে ইয়াৰ পূৰ্বেও মাকৈ বীজ ৰোপন আৰু কঠিয়া ৰোপন কৰিব পৰা দুটাকৈ যন্ত্ৰ সাজি উলিয়াইছিল। উদ্ধবৰ এই প্ৰতিভাৰ বাবে এতিয়া সৰ্বতে চৰ্চিত হৈ পৰিছে।

Comments (0)
Add Comment