যোৰহাট ম’হবন্ধাস্থিত চ্যুকাফা সমন্বয় ক্ষেত্ৰত গছপুলি ৰোপন কৰিলে জিলা উপায়ুক্তই

গছ-গছনিৰ অবিহনে পৃথিৱীত মানৱ, জীৱ-জন্তু তথা কোনো কীট-পতঙ্গই জীয়াই নাথাকে।গছ-গছনিয়ে চৌপাশ সুন্দৰ কৰে, গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰে আৰু পৃথিৱীত থকা সকলো জীৱকে খাদ্যৰ যোগান ধৰে। যোৰহাট জিলা প্ৰশাসনে ম’হবন্ধাস্থিত চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ সহযোগত কালি সমন্বয় ক্ষেত্ৰৰ চৌহদত গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰি এনেদৰে কয় যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। গছপুলি ৰোপণ কৰি উপায়ুক্তজনে আগন্তুক দিনত জিলাখনৰ বিভিন্ন স্থানত এনেদৰে গছপুলি ৰোপনৰ ব্যৱস্থা কৰিব বুলিও ভাষণত উল্লেখ কৰে।
যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত ধীৰাজ দাস, বিশ্বজিৎ ফুকন, জিলাখনৰ ভাৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া হৰেকৃষ্ণ ডেকা, চ্যুকাফা সমণ্বয় ক্ষেত্ৰৰ সৈতে জড়িত বিষয়ববীয়া সকলে গছপুলি ৰোপন কাৰ্যসূচীত সহযোগিতা কৰে। উল্লেখ্য পশ্চিম যোৰহাটৰ ম’হবন্ধা তিনিআলিৰ সমীপত চৰকাৰে প্ৰতিষ্ঠা কৰা চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ চৌহদত ইতিপূৰ্বে বহু গছপুলি চৰকাৰীভাৱে আৰু বেচৰকাৰী ভাৱে ৰোপন কৰি থকা হৈছে যদিও আশানুৰূপভাৱে জী উঠা নাই। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত গৰাকীৰ নেতৃত্বত কালি ৰোপন কৰা গছপুলি কেইটা জী উঠিব বুলি সমীপবৰ্তী ৰাইজে আশা প্ৰকাশ কৰিছে।

Comments (0)
Add Comment