লকডাউনে জীৱিকা সলনি কৰা এগৰাকী মহিলাৰ কাহিনীৰে

লকডাউনে সলাইছে বহু লোকৰ জীৱন আৰু জীৱিকা।তেনে জীৱন জীৱিকাত বশৱৰ্তী হৈ মৰমী মামন নামৰ মহিলাগৰাকীয়ে আৰম্ভ কৰিছে কেকৰ নতুন ব্যৱসায়। তেখেতে ঘৰতে কেক প্ৰস্তুত কৰি ন কৈ এক ব্যৱসায় আৰম্ভ কৰিছে।উল্লেখযোগ্য যে ক’ৰণা মহামাৰী বাবে মৰমী মামনৰ স্বামী পুলিন হাজৰিকাৰ হোটেল খন বন্ধ হৈ পৰে।যাৰ ফলত নিজ গৃহতে গঢ়ি তুলিছে কেক প্ৰস্তুত কৰা ক্ষুদ্ৰ উদ্যোগ । উল্লেখযোগ্য যে মৰমী মামনে কেক প্ৰস্তুত কৰি নাহৰবাৰী, জামুগুৰি, চতিয়া,বিশ্বনাথ চাৰিআলি লক্ষীমপুৰ, লগতে তেজপুৰ নগাঁও গোলাঘাট আদি জিলা সমূহত বিক্রী কৰে।
তেখেতে ২০ হাজাৰৰ পৰা ২৫ হাজাৰ টককৈ প্রতি মাহে উপাৰ্জন কৰে । মন কৰিবলগীয়া বিষয় যে একাংশ অসমৰ ব্যৱসায়ীয়ে বিভিন্ন কেমিকেল ৰং ব্যৱহাৰ কৰি ব্যৱসায় কৰি কেকৰ ব্যৱসায় কৰা বিপৰীতে এই মহিলা গৰাকীয়ে সম্পূৰ্ণ প্ৰাকৃতিক ভাৱে কেক প্ৰস্তুত কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।মৰমী মামনৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হওঁক আমি জনালোঁ অলেখ শুভকামনা।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment